কলাইগাওঁ কাণ্ডৰ পুনৰাবৃত্তিঃ তান্ত্ৰিকৰ প্ৰৰোচনাত চিপাঝাৰত সংঘটিত হত্যাকাণ্ড…

514

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙত পুনৰ কলাইগাওঁ কাণ্ডৰ পুনৰাবৃত্তি ৷তান্ত্ৰিকৰ প্ৰৰোচনাত কলাইগাওৰ এখন ঘৰ সম্পুৰ্ণ কৈ নিঃশেষ হৈ যোৱাৰ বছৰচেৰেক পিছত পুনৰ দৰঙৰ উপৰ কুৰুৱাত তান্ত্ৰিকৰ প্ৰৰোচনাত পৰি এজন লোকক হত্যা কৰাৰ লগতে গুৰুত্বৰ ভাৱে আহত হয় এজন ৷ শনিবাৰে ছিপাঝাৰ থানাৰ অন্তৰ্গত উপৰ কুৰুৱাত সংঘটিত হয় এই ঘটনা ৷

উপৰ কুৰুৱাৰ উপেন ডেকা নামৰ লোকজনৰ ৫ জনীয়া পৰিয়ালটিয়ে নিকৰ্তবতি কেশৱ দাসৰ পত্নীক ঘৰতে টাঙোনেৰে প্ৰহাৰ কৰে ৷ তাৰ পিছতে চোকা দা ৰে ৫ জনীয়া পৰিয়ালটিয়ে কেশৱ দাস নামৰ প্ৰায় ৫০ উদ্ধৰ লোক জনক চোকা অস্ত্ৰৰে আঘাট কৰে ৷

মুমুৰ্ষ অৱস্থাত কেশৱ দাস আৰু পত্নী বুলু দাসক ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও কেশৱ দাসক মৃত ঘোষণা কৰাৰ লগতে চিকিৎসকে পত্নী বুলু দাসক উন্নত চিকিৎসাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ সংকটজনক অৱস্থাত প্ৰেৰণ কৰে ৷

আনহাতে হত্যাকাৰী উপেন ডেকাই কেশৱ দাসক হত্যা কৰি নিজে চোকা অস্ত্ৰৰে নিজৰ দেহত আঘাট কৰা বুলি স্থানীয় লোকে জানিৱ দিয়ে ৷ হত্যাকাৰী উপেন দাসকো চিকিৎসকে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰাৰ লগতে পত্নী , দুই পুত্ৰ আৰু কন্যাক ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত ছিপাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

মৃত কেশৱ দাস আৰু পত্নী বুলু দাসে উপেন ডেকাৰ পৰিয়ালক তন্ত মন্ত কৰি অশান্তি কৰাৰ অভিযোগ কৰিছিল এজন তান্ত্ৰিকে ৷ যাৰবাবে তান্ত্ৰিকৰ প্ৰৰোচনাত পৰি উপেন ডেকাৰ ৫ জনীয়া পৰিয়ালে এনে ধৰণৰ ঘটনা সংঘটিত কৰি হত্যা কৰিলে কেশৱ দাসক ৷

ঘটনাস্থলীত দৰং আৰক্ষীৰ উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও তান্ত্ৰিক গৰাকীক গ্ৰেপ্তাৰ কৰিলে সকলো ঘটনা পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি