ভুৱা ফেচবুক একাউণ্ট খুলি আপলোড কৰিছিল যুৱতীৰ ফটো, ছিপাঝাৰৰ যুৱক সোমাল ৰঙাঘৰত

ভুৱা ফেচবুক একাউণ্ট খুলি আপলোড কৰিছিল যুৱতীৰ ফটো, ছিপাঝাৰৰ যুৱক সোমাল ৰঙাঘৰত

ডিজিটেল সংবাদ, মঙলদৈঃ ভুৱা ফেচবুক একাউন্ট খুলি ছিপাঝাৰৰ এগৰাকী যুৱতীৰ ফটো আপলোড কৰি অশ্লীল মন্তব্যৰে শালীনতা হানি কৰাৰ অপৰাধত ছিপাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক। খৈৰাবাৰীৰ ৰিতুল ভট্টাচাৰ্য নামৰ যুৱকগৰাকীয়ে ছিপাঝাৰৰ এগৰাকী যুৱতীৰ ফটোসহ অশ্লীল মন্তব্য ফেচবুকত ভুৱা একাউণ্ট খুলি আপলোড কৰাৰ অভিযোগ।

যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত ছিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ কলিতা আৰু দৰং জিলা আৰক্ষীৰ চাইবাৰ চেলৰ উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই খৈৰাবাৰীৰ পৰা অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ সম্প্ৰতি ছিপাঝাৰ আৰক্ষীয়ে ৫৯১/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ আনহাতে দৰং আৰক্ষীয়ে জনোৱা মতে আন আন এনে কেতবোৰ ভুৱা একাউণ্টৰ ওপৰত নজৰ ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in