ছিপাঝাৰৰ আঠিয়াবাৰীত অনুষ্ঠিত ভোগালী বিহু উৎসৱত খেল-ধেমালিৰ আনন্দ…

ছিপাঝাৰৰ আঠিয়াবাৰীত অনুষ্ঠিত ভোগালী বিহু উৎসৱত খেল-ধেমালিৰ আনন্দ…

ডিজিটেল সংবাদ, ছিপাঝাৰ: ছিপাঝাৰৰ আঠিয়াবাৰীত এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ভোগালী উৎসৱ । শুকুৰবাৰে পুৱা আঠিয়াবাৰী ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি যদুমনি নাথে বিহুৰ পতাকা উত্তোলন কৰাৰ পিচতে অনুষ্ঠিত কৰা হয় বিভিন্ন খেল-ধেমালি আৰু সাংস্কৃতিক প্ৰতিযোগিতা ।

ভোগালী বিহুৰ লগত সংগতি ৰাখি পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰা হয় মনযোগী খেল, মেজিক চেয়াৰ, কুকুৰা যুজঁ, দৌৰ, দীঘল জাপ, ওখ জাপ, যাঠি দলিওৱা, গধুৰ বস্তু দলিওৱা, মাল যুজ, বুঢ়াৰ দৌৰ, পাঞ্জা আদিৰ লগতে মিঠাতেল সানি পিছল কৰি থোৱা কলগছ বগোৱাৰ প্ৰতিযোগিতা। বিশেষ আকৰ্ষণীয় এই কলগছ বগোৱা প্ৰতিযোগিতাত হৰেকৃষ্ণ নাথে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in