শোকাৱহ ঘটনা, ছিপাঝাৰত বলেৰ’ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে আ‌ৰক্ষী জোৱানে

শোকাৱহ ঘটনা, ছিপাঝাৰত বলেৰ’ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে আ‌ৰক্ষী জোৱানে

ডিজিটেল সঙবাদ, ছিপাঝাৰঃ ছিপাঝাৰৰ মাৰৈত ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে দুপৰীয়া সংঘটিত এক পথ দুৰ্ঘটনাত গোলাপ শৰ্মা নামৰ এজন আৰক্ষী কনিষ্টবল থিতাতে নিহত হয়। ঘটনাৰ বিৱৰনী মতে, ছিপাঝাৰৰ নৱশক্তিপাৰা নিবাসী কলাইগাওঁ আৰক্ষী থানাৰ কনিষ্টবল গোলাপ শৰ্মাই শুকুৰবাৰে দুপৰীয়া নিজৰ এএছ-১৩-এইছ-১৮১০ নম্বৰৰ বাইক খনেৰে নাৰিকলীৰ দিশৰ পৰা ছিপাঝাৰলৈ আহি থকা অৱস্থাত মাৰৈত গুৱাহাটী অভিমুখী এএছ-২৫-ডিচি-৯৬০০ নম্বৰৰ বলেৰ' পিক আপ ভানখনে সন্মুখৰ পৰা খুন্দা মাৰে।

ফলত বাইক আৰোহী আৰক্ষী কনিষ্টবল গৰাকী থিতাতে নিহত হয়। শৰ্মাৰ অকাল মৃত্যত অঞ্চলটোত গভীৰ শোকৰ ছা পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এগৰাকী কন্যা ইহসংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in