চিন্তামণিগড়ত শিল্পী দিৱসত আছুৰ গ্রন্থদান

চিন্তামণিগড়ত শিল্পী দিৱসত আছুৰ গ্রন্থদান

ডিজিটেল সংবাদ, চিন্তামণিগড়ঃ চিন্তামণি উপ-আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰেঙণি এটি আশাৰ উদ্যোগত চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ ৬৮সংখ্যক মৃত্যু দিৱস "শিল্পী দিৱস" উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে উপ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পঙ্কজ দত্তই। ইয়াৰ পাছতেই জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুল লাহনে,বৃক্ষৰোপণ কৰে জেষ্ঠ শিক্ষক বিৰেন বৰাই।

ইয়াৰ লগত সংগতি ৰাখি চিত্ৰাংকণ, ৰচনা প্ৰতিযোগিতা আৰু গীত মাতৰ অনুষ্ঠান অনুস্থিত হয়। চিত্ৰাংকণ প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম হয় কৰবী শইকীয়া, দ্বিতীয় গায়ত্ৰী শইকীয়া, খ শাখাত ক্ৰমে প্ৰথম হয় শান্তিপ্ৰিয়া হাজৰিকা, দ্বিতীয় জয়ন্ত গোৱালা, তৃতীয় যুটীয়াভাৱে প্ৰকাশ শইকীয়া আৰু সত্যজিৎ দত্ত।

এই অনুষ্ঠানতে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, মহকুমা সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ দেৱব্ৰত শইকীয়া আৰু অন্যান্য বিষয়ববীয়াসকলে ছাত্ৰ সন্থাৰ হৈ বিদ্যালয় পুথিভঁৰাললৈ গ্ৰন্থ দান কৰে বুলি চিন্তামনি উপ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পংকজ দত্তই জানিবলৈ দিছে। জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে বক্তব্য প্ৰদান কৰে ৰেঙনি এটি আশাৰ সঞ্চালক বিজু শৰ্মা, শিক্ষক ক্ৰমে কেশৱ বৰা,দ্বীপশিক্ষা হাজৰিকা, চিম্পী দাস, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা আৰু সহ: সম্পাদক ভাস্কৰ গগৈকে প্ৰমুখ্যে অন্যান্য ব্যক্তিসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in