১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব একক ব্যৱহাৰযোগ্য প্লাষ্টিক…

১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব একক ব্যৱহাৰযোগ্য প্লাষ্টিক…

ডিজিটেল ডেস্কঃ ১ জুলাইৰ পৰা দেশত বন্ধ হ'ব একক ব্যৱহাৰ প্লাষ্টিক। আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ১ জুলাইৰ পৰা এছ ইউ পি অৰ্থাৎ একক ব্যৱহাৰ প্লাষ্টিকৰে সজ্জিত মুঠ ১৯ বিধ সামগ্ৰীৰ ওপৰত নিষিধেজ্ঞা আৰোপ কৰা হৈছে। উল্লেখ্যে যে ভাৰতে বৰ্তমান যিসমূহ পৰিৱেশ বিষয়ক সমস্যাৰ সন্মুখীন হৈছে তাৰ ভিতৰত প্লাষ্টিকৰ বাবে সৃষ্টি হোৱা সমস্যাও অন্যতম।

দিল্লী চৰকাৰৰ পৰিৱেশ বিভাগএইবাৰ অতি কঠোৰ মেজাজত থকা দেখা গৈছে। বিভাগটোৱে প্লাষ্টিক নিষেধাজ্ঞাৰ নিয়ম পালন নকৰা নিৰ্মাতা, যোগানকৰ্তা, বিতৰক আৰু ৰিটেইলাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। ইয়াৰ বাবে সংশ্লিষ্ট সকলো পক্ষক কঠোৰ নিৰ্দেশনা দিয়া হৈছে।

মন কৰিবলগীয়া যে ২০১৯ ত অনুষ্ঠিত চতুৰ্থ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সভাত, ভাৰতে একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰীৰ প্ৰদূষণ সমাধানৰ ওপৰত এক প্ৰস্তাৱ দাখিল কৰিছিল। সেই প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰিয়েই ১ জুলাইৰ পৰা দেশত একক ব্যৱহাৰ প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইয়াৰ বাবে কেঁচা মালৰ যোগান হ্ৰাস কৰা, প্লাষ্টিকৰ চাহিদা হ্ৰাস কৰা, একক ব্যৱহাৰ প্লাষ্টিকৰ বিকল্পৰ প্ৰচাৰ কৰা, নিৰীক্ষণ আৰু সজাগতাৰ বাবে ডিজিটেল হস্তক্ষেপ কৰাৰ লগতে এই নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰণৰ বাবে ৰাজ্যিক বোৰ্ডসমূহক নিৰ্দেশনা দিয়া হৈছে।

উল্লেখ্য যে, ভাৰতে বছৰি প্ৰায় ৩.৫ নিযুত টন প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰি আছে আৰু যোৱা ৫ বছৰত ই প্ৰায় দুগুণ হৈছে। এনে পৰিস্থিতিত বাৰত চৰকাৰে একক ব্যৱহাৰ প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ভয়াৱহ এই সমস্যাই আৰু অধিক জটিল ৰূপ লোৱাৰ পূৰ্বেই নিয়ন্ত্ৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।

৭৫ মাইক্ৰনতকৈ কম পুনৰ্ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত কেৰি বেগৰ নিৰ্মাণ, আমদানি, মজুত, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰিও, এজন সাধাৰণ মানুহে দৈনিক ব্যৱহাৰ কৰি অহা বহুতো সামগ্ৰী যাৰ উপযোগিতা কম আৰু অধিক লেতেৰা কৰাৰ সম্ভাৱনা আছে, সেইবোৰো নিষিদ্ধ কৰা হৈছে।

ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে প্লাষ্টিকৰ ষ্টিকৰ সৈতে ইয়াৰবাড, বেলুনৰ বাবে প্লাষ্টিকৰ ষ্টিক, প্লাষ্টিকৰ পতাকা, কেণ্ডি ষ্টিক, আইচক্ৰীম ষ্টিক, থাৰ্মকল, ফৰ্ক, চামুচ, চুৰি, ট্ৰে, মিঠাইৰ বাকচ, নিমন্ত্ৰণী পত্ৰ আৰু চিগাৰেটৰ পেকেটৰ প্লাষ্টিক। ইয়াৰ উপৰিও ১০০ মাইক্ৰ'নতকৈ কম ৰেকাৰৰ বেনাৰৰ চাৰিওফালে ফিল্ম মেৰিয়াই দিয়া বা পেকিং কৰা আদিৰ দৰে কামত ব্যৱহাৰ হোৱা থাৰ্মোকলোটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

একক ব্যৱহাৰ প্লাষ্টিকৰ ব্যৱহাৰত এই দৰে নিষেধাজ্ঞা আৰোপ কৰাৰ ক্ষেত্ৰত ইয়াৰ উৎপাদনত নিয়োজিত উদ্যোগসমূহক প্লাষ্টিকৰ কেঁচা সামগ্ৰী যোগান নধৰাৰ বাবে সকলো আগশাৰীৰ পেট্ৰ'কেমিকেল উদ্যোগক নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰ উপৰিও, নিষিদ্ধ এছ.ইউ.পি. উৎপাদনত নিয়োজিত উদ্যোগবোৰক বায়ু,পানী আইনৰ অধীনত জাৰী কৰা কাৰ্যৰ সন্মতি সংশোধন/প্ৰত্যাহাৰ কৰিবলৈ এছ.পি.চি.বি./পি.চি.চি.-ক নিৰ্দেশনা জাৰী কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in