কেকেৰ দেহত আঘাতৰ চিন ! কলকাতা আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত…

কেকেৰ দেহত আঘাতৰ চিন ! কলকাতা আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত…

ডিজিটেল ডেস্কঃ সন্দেহৰ আৱৰ্তত কেকেৰ মৃত্যুৰ কাৰণ। কলকাতাৰ চি এম আৰ আই হাস্পতালত জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে দেশজুৰি চাঞ্চল্য সৃষ্টি হৈছে। বহুতেই এতিয়াও বিশ্বাস কৰিব পৰা নাই কেকেৰ মৃত্যুৰ খবৰ। তাৰ মাজতেই কলকাতা আৰক্ষীয়ে দিলে এক বিশেষ ইংগিত।

কলকাতাৰ নজৰুল মঞ্চত মঙ্গলবাৰে নিশা সংগীত পৰিৱেশন কৰি থকাৰ সময়ত অসুস্থ হৈ পৰা কেকক অনুষ্ঠান সমাপ্তিৰ লগে লগে তেওঁৰ হোটেললৈ লৈ যোৱা হৈছিল। নজৰুল মঞ্চত আসনৰ সংখ্যা আছিল মাত্ৰ ২৫০০। কিন্তু সেই অনুষ্ঠানত ৭০০০ ৰো অধিক লোকে প্ৰৱেশ কৰিছিল। বহু লোকে ভিৰ কৰিছিল মঞ্চত।

ইফালে কেকেৰ দেহত স্পষ্ট হৈ আছে আঘাতৰ চিন। সুৰা সেৱন, ধুমপানৰ দৰে বদঅভ্যাস নথকা কেকেৰ দেহত কিদৰে আহিল এই আঘাতৰ চিন? কলকাতা আৰক্ষীয়ে সেয়েহে কেকেয়ে বাহৰ পৰা হোটেলৰ চিচিটিভি কেমেৰাৰৰ ফুটেজ বিচাৰিছে। নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি কেকেৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ইফালে অসুস্থ কেকেয়ে অনুষ্ঠান পৰিৱেশন কৰি হোটেললৈ যোৱাৰ সময়ত হোটেলতেই ঢলি পৰিছিল বুলিও প্ৰকাশ পাইছে। তাৰ মাজতে আৰক্ষীয়ে গোটেই ঘটনাটো নতুনকৈ তদন্ত কৰিবলৈ লোৱা কাৰ্যই এতিয়া তেওঁৰ মৃত্যুৰ ঘটনাক ৰহস্যৰ মাজলৈ লৈ গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in