শেহতীয়া খবৰ
নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  সমাগত বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব কোচ ৰাজবংশী জনগোষ্ঠীয়ে...  •  নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে শিলাদিত্য দেবে...  •  দুধনৈত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী ৰপে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্যামজিৎ ৰাভা...  •  নাঁওবৈছাত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বিজেপিয়ে,ৰাও গজেন্দ্ৰ সিঙ হ'ব সম্ভাব্য প্ৰাৰ্থী...  •  জাগীৰোড সমষ্টিত উষ্ম আদৰনি পিয়ুষ হাজৰিকাক...  •  ৬ নং বি এন বি এছ এফৰ উদ্যোগত ছিভিক এক্সছন অনুষ্ঠানৰ আয়োজন...  •  পশ্চিমবংগই শান্তি,সোণাৰ বাংলা, প্ৰগতিশীল বাংলা বিচাৰে : নৰেন্দ্ৰ মোডী  •  প্ৰকাশ পালে তৃণমূল কংগ্ৰেছৰ ১৬জনীয়া প্ৰাৰ্থী তালিকা...

হঠাৎ মঞ্চৰ পৰা বাগৰি পৰিল ‘ভাৰত কন্ঠ’ দেৱজিৎ সাহা…

41,366

ডিজিটেল সংবাদ,মৰাসুতিঁৰ : মাজুলী জেংৰাইমুখ ৰ মৰাসুতিঁৰ পাৰত দুদিনীয়াকৈ অসম চৰকাৰৰ ছাত্র আৰু যুৱ কল্যান উপদেষ্টা বিভাগৰ উদ্যোগত আয়োজন কৰা সহোদৰ অনুষ্ঠানৰ সামৰনি পৰে। অসমৰ ৩৯ টাকৈ জাতি জনগোষ্ঠীৰ নৃত্য শিল্পী ৰ দলে অংশগ্ৰহণ কৰে। অসমৰ সংগীত জগতৰ কুৰি গৰাকীৰো অধিক জনপ্ৰিয় কন্ঠ শিল্পীয়ে অংশগ্ৰহণ কৰে এই অনুস্থানত।

২০০৫ চনত জি টিভিৰ ছা ৰে গা মা পা ৰ জৰিয়তে ভইচ অফ ইণ্ডিয়ান খিতাপ দখল কৰা অসমৰ সুসন্তান দেৱজিৎ সাহাকো গীত পৰিৱেশনৰ বাবে আমন্ত্ৰন জনাই আনিছিল। ভাৰত কন্ঠ ভইছ অৱ ইণ্ডিয়াৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা অসম সন্তান দেৱজিৎ ছাহাই গীত পৰিবেশন কৰি থাকোতে সংঘটিত হয় এক অঘটন।

কৃষ্ণমনি চুতীয়া ৰ পাছত জীৱনে মৰনে মই চিৰদিন অসমীয়া শীৰ্ষক অসমীয়া গীতেৰে আৰম্ভ কৰা অনুষ্ঠানত ইটোৰ পাছত সিতো জনপ্ৰিয় অসমীয়া গীতৰ লগতে হিন্দী গীত উপহাৰ দিয়ে দৰ্শকক। ওম শান্তি ওম শীৰ্ষক হিন্দী গীতটি গাই থাকোতেই দৰ্শকৰ ফালে আগুৱাই আহোতে মঞ্চৰ পৰা বাগৰি তলত পৰে শিল্পী গৰাকী। লগে লগে হুৱাদুৱা লাগে দৰ্শকৰ মাজত । ততাতৈয়াকৈ দুজনমানে গৈ দাঙি ধৰে শিল্পী গৰাকীক।

মাজুলীৰ জেংৰাইমুখত ‘সহোদৰ,২০২০-২১ অনুষ্ঠানৰ সামৰণি অনুষ্ঠানৰ নিশা গীত পৰিৱেশনৰ সময়তে বাগৰি পৰে বিশিষ্ট শিল্পীগৰাকী। কিছু পৰিমানে আঠুত দুখ পাইছে শিল্পী গৰাকীয়ে।অসমৰ মাটি-পানীৰ প্ৰেমত মুগ্ধ শিল্পীগৰাকীয়ে পুনৰ মাজুলীলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিলে দৰ্শকৰ সন্মুখত।গীত পৰিৱেনৰ সময়ত মঞ্চৰ পৰা বাগৰি পৰা শিল্পী গৰাকী কথমপি গুৰুতৰ আঘাতৰ সন্মুখৰ পৰা ৰক্ষা পৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি