শিমলুগুৰিৰ ৰামপুৰত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল…

শিমলুগুৰিৰ ৰামপুৰত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক মুক্তিৰ দাবীত আজি লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰ পহুকটাত মানৱ শংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, টাই আহোম ছাত্ৰ সন্থা আৰু সদৌ অসম শ্ৰমিক সন্থা(চিতু) আহোম সভা, স্থানীয় ৰাইজৰ উদ্যোগত ৰুপায়িত মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰি স্বৈৰাচাৰী শাসনৰ জৰিয়তে ৰাইজৰ মাত ৰুদ্ধ কৰাৰ প্রয়াস কৰা বুলি অভিযোগ আনি কা' আন্দোলনৰ সৈতে জড়িত অখিল গগৈক চৰকাৰে দমনমূলক নীতিৰে কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি উল্লেখ কৰে ৷

অখিল গগৈক কাৰাবন্দী কৰি পৰবৰ্তী সময়ত চৰকাৰে অসমত কা ৰুপায়ণ, বৃহৎ নদী বান্ধ গঢ়ি তোলাৰ লগতে ভূমি নীতি আনিব বিচাৰিছে বুলি প্ৰতিবাদকাৰীসকলে অৱগত কৰে ৷ প্ৰতিবাদকাৰীসকলে অসমৰ সম্পদসমূহ কেতিয়াও লুণ্ঠন কৰিবলৈ দিয়া নহ'ব বুলিও মন্তব্য কৰে৷

কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, আৰ এচ এচ হুচিযাৰ, সৰ্বানন্দ গৌ বেক, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, কা আমি নামানো আদি শ্ল'গান সম্বলিত প্লেকাৰ্ড হাতে হাতে লৈ সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ৷ অখিল গগৈক অতি সোনকালে মুক্তি নিদিলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেক গাঁৱতে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি তেওঁলোকে অৱগত কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in