অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে শিমলুগুৰিত প্ৰাৰ্থনা…

অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে শিমলুগুৰিত প্ৰাৰ্থনা…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কৃষক নেতা অখিল গগৈ অসুস্থ হৈ পৰা খবৰে তেওঁৰ শুভাকাংশীসকলৰ লগতে বহু লোকক চিন্তিত কৰি তোলাৰ সময়তে লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ শিমলুগুৰিত কৃষক নেতাগৰাকীৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰি বুধবাৰে টাই আহোম সম্প্ৰদায়ৰ ধৰ্মীয় নীতি-নিয়মেৰে প্ৰাৰ্থনা জনায়৷

প্ৰাপ্ত তথ্য মতে, শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত তিনিআলি সন্দিকৈ গাঁৱত বুধবাৰে সচেতন যুৱক ভৈৰৱ প্ৰাণ গগৈ, পদ্মলোচন গগৈ আৰু লাচিত বৰাৰ নেতৃত্বত ধৰ্মীয় মলুঙৰ সহায়ত টাই আহোম সকলৰ সম্পূৰ্ণ টাই মাংগলিক প্ৰথাৰে আই চিং লাও পৰিবেশন কৰাৰ লগতে বাৰ গচি বান ফ্ৰাই প্ৰজ্বলন কৰি কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰে৷ ইয়াৰ উপৰিও তেওঁলোকে চৰকাৰৰ সুমতি বিচাৰিও প্ৰাৰ্থনা কৰে- যাতে বিভিন্ন অজুহাতত কৃষক নেতাগৰাকীক কাৰাগাৰত নিক্ষেপ নকৰি অতি সোনকালে তেওঁক কাৰাগাৰৰ পৰা মুক্তি দিয়ে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in