ব্ৰয়লাৰ ফাৰ্ম খোলাতো অপৰাধ! শংকৰদেৱ সংঘৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কৃত শিমলুগুৰিৰ এটি পৰিয়াল…

ব্ৰয়লাৰ ফাৰ্ম খোলাতো অপৰাধ! শংকৰদেৱ সংঘৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কৃত শিমলুগুৰিৰ এটি পৰিয়াল…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ পুনৰ বিতৰ্কত শংকৰদেৱ সংঘ ৷ব্ৰইলাৰ ফাৰ্ম খোলাৰ অপৰাধত শংকৰদেৱ সংঘৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কৃত এটা পৰিয়াল! প্ৰাপ্ত তথ্য মতে, লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ শিমলুগুৰিৰ সমীপৱৰ্তী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কমলপুৰ প্ৰাথমিক শাখাৰ এটি পৰিয়ালক পুত্ৰই 'ব্ৰইলাৰ ফাৰ্ম' খোলাৰ অপৰাধত প্ৰাথমিকৰ পৰাই বহিস্কাৰ কৰা হয়।

প্ৰাথমিকৰ অন্তৰ্গত সৰুল'ৰা বৰা নামৰ লোকজনক এখন পত্ৰযোগে বহিস্কাৰ কৰে প্ৰাথমিকটোৰ সভাপতি অমূল্য বৰা আৰু সম্পাদক দিলীপ বৰাই।সভাপতি-সম্পাদকৰ স্বাক্ষৰত প্ৰেৰণ কৰা পত্ৰত উল্লেখ থকা অনুসৰি 'শ্ৰীমন্ত শংকৰদেৱ সংঘই নিষিদ্ধ কৰি থোৱা পক্ষী পালন (ব্ৰইলাৰ ফাৰ্ম)কৰা হেতুকে যোৱা ৪/০৬/২০২০তাৰিখে প্ৰাথমিকৰ সাধাৰণ সভাৰ সৰ্বসন্মতি ক্ৰমে লোৱা প্ৰস্তাৱ অনুসৰি আপোনাৰ গৃহভাগিক সাময়িকভাবে প্ৰাথমিক শাখাৰ সহযোগৰ পৰা বিৰত কৰা হ'ল ৷

এই পত্ৰ জৰিয়তে পৰিয়ালটিক জনোৱাৰ লগতে আঞ্চলিক শাখালৈও প্ৰেৰণ কৰাৰ কথা অৱগত কৰে ৷বিতৰ্কৰ সৃষ্টি কৰা পত্ৰখন কমলপুৰ প্ৰাথমিক শাখাই লোৱা এই সিদ্ধান্তৰ পাছতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সৰুল'ৰা বৰাৰ পুত্ৰ সুনীল বৰাই আপল'ড কৰে বহিস্কাৰ কৰা পত্ৰখন।

পত্ৰখনৰ সৈতে তেওঁ এইদৰে লিখে 'যিটো সময়ত অসমৰ বজাৰ বহিঃৰাগত ব্যৱসায়ীৰ হাতত, যিটো সময়ত অসমৰ লাখ লাখ যুৱক কৰ্ম বিহীন হৈ বৰ্হি ৰাজ্যত কৰ্মৰত হ'ব লগা হৈছে, তেনে সময়ত ঘৰৰ পৰা ১ কি.মি দূৰত এখন সাধাৰণ ব্ৰইলাৰ ফাৰ্ম খুলি গাঁৱৰ পৰা এঘৰীয়া হ'ব লগা হোৱা কথাটোত মই মৰ্মাহত হৈছোঁ।

গাঁওখনৰ ২-৩ ঘৰ মানুহে নিজা প্ৰচেষ্টাৰে একপ্ৰকাৰ আত্মহত্যা কৰাৰ দিশে ঠেলি দিছে তেওঁলোকৰ পৰিয়ালটোক।সামাজিক ভাৱে হেয় প্ৰতিপন্ন কৰি একপ্ৰকাৰ মানসিক শাস্তি দি আহিছে আজি দুটা বছৰে ৷ এজন অসমীয়া যুৱক হিচাবে মই কৰ্মৰ যোগেদি নিজকে চিনাকি দিয়া টো মোৰ পাপ হ'ব পাৰে নেকি? মই ঠগ, দালাল হোৱাটো সমাজে বিচাৰে নেকি? নে অসমীয়া যুৱক সকলক কৰ্মহীন কৰি অসমৰ অৰ্থনীতি ধ্বংস কৰি অসমীয়া জাতি টোক নিঃশেষ কৰাত লাগি আছে কিছুমান ধৰ্মীয় অনুষ্ঠান? মই হাত যোৰ কৰিছো ঠেক চিন্তাৰ ধৰ্মীয় নেতা সকলক কৰ্ম সংস্কৃতিক সন্মান কৰিব শিকক।।

অসমীয়া যুৱক সকলক প্ৰেৰণা দিয়ক, সৰু বৰ সকলো কামত উৎসাহ দিয়ক।। অনুৰোধ জনাইছোঁ,আমাৰ পৰিয়ালটোৱে শেষ উদাহৰণ হওঁক সমাজৰ পৰা এঘৰীয়া হোৱাৰ"৷ ইয়াৰ পাছতে ছ'চিয়েল মিডিয়াত সৰৱ চৰ্চা হয় বিষয়টোক লৈ। কিছু সংখ্যক ফেচবুক ব্যৱহাৰকাৰীয়ে এনে সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in