কাণসাৰ নাই ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰঃ পদপথতে দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে বিশেষভাবে সক্ষম হেমধৰ গগৈয়ে…

কাণসাৰ নাই ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰঃ পদপথতে দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে বিশেষভাবে সক্ষম হেমধৰ গগৈয়ে…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ বিশেষভাবে এগৰাকী সক্ষম লোক ৷ মৌলিক অধিকাৰ অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ পৰা বঞ্চিত তেওঁ ৷জীয়াই থকাৰ তাৰনাত দিন অতিবাহিত কৰিবলগীয়া হৈছে পদপথত ৷ ৰাজ্যৰ বিজেপি শাসিত চৰকাৰখনৰ কাণসাৰ নাই লোকজনক সহায় কৰাৰ প্ৰতি ৷

ব্যক্তিজন হৈছে লখিমপুৰ জিলাৰ শিমলুগুৰিৰ হেমধৰ গগৈ ৷ ৰাজ্যৰ সমাজকল্যাণ বিভাগে শাৰিৰীকভাবে সক্ষম লোকসকলৰ বাবে বিশেষ আঁচনি ৰুপায়ন কৰিছে যদিও সেইসমূহ আঁচনিয়ে ঢুকি পোৱা নাই ৬৮ বছৰীয়া হেমধৰ গগৈক ৷

এনেধৰণৰ লোকসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যে চৰকাৰ ব্যৰ্থ হৈছে তাৰেই এক উদাহৰণ হিচাপে ল'ব পাৰি হেমধৰ গগৈৰ জীৱন সংগ্ৰাম প্ৰণালীক ৷ প্ৰাপ্ত তথ্য মতে, শিমলুগুৰি ব্যৱসায়ীক কেন্দ্ৰস্থলত এটি সৰু জৰাজীৰ্ণ ঘুমটি দোকানত থকা খোৱাৰ লগতে সন্মুখত এখন সাধাৰণ টেবুলত তামোল পান, কেইপাকেট মান চিপছ্, মৰটন লৈ ব্যৱসায় কৰে তেওঁ ৷

অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাগড়ৰ নিবাসী গগৈৰ সোঁ হাত আৰু সোঁ ভৰিখন সৰুৰ পৰাই অকামিলা ৷ অতি পৰিতাপৰ বিষয় তেওঁ বাওঁহাতখনেৰে কোনোমতে কটাৰীৰ সৈতে দুই তিনিখন তামোল কাটি অতি কষ্টৰে গ্ৰাহকক সেৱা কৰি আহিছে ৷জানিব পৰা মতে সৰুতে পিতৃক হেৰুৱাই নিঠৰুৱা হোৱা বিশেষভাবে সক্ষম হেমধৰ গগৈয়ে হাইস্কুল পৰ্যন্ত শিক্ষা গ্ৰহণ কৰাৰ পিছত অৱশেষত জীৱন নিৰ্বাহ কৰাৰ অন্য পথ বিচাৰি নাপাই শিমলুগুৰি ব্যৱসায়ীক কেন্দ্ৰস্থলত তামোল পানৰ দোকান দিছিল ৷

প্ৰথমতে গগৈৰ ব্যৱসায় ঠিকেই চলিছিল যদিও সময় বাগৰি অহাৰ লগে লগে শিমলুগুৰিত ব্যৱসায় বাণিজ্যও বৃদ্ধি হ'ল ৷ যাৰ ফলত তেওঁৰ দোকানত গ্ৰাহকৰ সংখ্যাও ক্ৰমান্বয়ে কমিবলৈ ধৰে ৷ সম্প্ৰতি সৰ্বাধিক বিক্ৰী হোৱা ৩০-৪০ টকাৰেই দিনটোৰ আহাৰ যোগাৰ কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে ৷

শৌচাগাৰ আৰু বিশুদ্ধ খোৱাপানীৰ পৰাও দূৰ্ভোগ ভূগিবলগীয়া হয় ব্যক্তিজন ৷ নিত্য নৈমিত্তিক কৰ্মৰ বাবে এখোজ এখোজকৈ নিৰ্দিষ্ট দূৰত্বত অতি কষ্টৰে অহা-যোৱা কৰিবলগীয়া হয় তেওঁ ৷ বিশেষ ভাবে সক্ষম লোকক বিভিন্ন ক্ষেত্ৰত প্ৰথম অগ্ৰাধিকাৰ দিয়া হয় যদিও হেমধৰ গগৈয়ে আজি পৰ্যন্ত পোৱা নাই এটি চৰকাৰী গৃহ অথবা বৃদ্ধ পেঞ্চন ৷প্ৰত্যেকবাৰেই নিৰ্বাচনত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি আহিছে যদিও গগৈয়ে বিশেষ একো লাভ কৰা নাই চৰকাৰী সা-সুবিধা ৷

আজিলৈকে কাকো আক্ষেপ নকৰা হেমধৰ গগৈয়ে উৎকট গৰম অথবা হিম চেঁচা ঠাণ্ডা দিনতো ছয় ফুট দৈঘ্য, চাৰি ফুট প্ৰস্থৰ টিনৰ চালি দিয়া ঘুমটি দোকানখনিতে দূৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হোৱা বিষয়ে অঞ্চলটোৰ সচেতন মহলক চিন্তিত কৰি তুলিছে ৷প্ৰত্যেক বছৰৰ ৩ ডিচেম্বৰ দিনটো সমগ্ৰ বিশ্বই বিশ্ব প্ৰতিবন্ধী দিবস হিচাপে পালন কৰে ৷

চৰকাৰেও উক্ত দিনা বিশেষভাবে সক্ষম লোকৰ প্ৰতি বিভিন্ন আঁচনি ঘোষনা কৰি আহিছে ৷ তেনেস্থলত হেমধৰ গগৈৰ দৰে ব্যক্তিসকলে তিলমানো যদি চৰকাৰৰ পৰা সুবিধা নাপাই তেন্তে ইয়াতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে? দূৰ্ভগীয়া অবিবাহিত ব্যক্তিগৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ অঞ্চলবাসী ৰাইজে চৰকাৰক আহ্বান জনাইছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in