পাৰিবাৰিক কন্দলঃ শিমলুগুৰিৰ কোকছাবাৰীত বিহপান কৰি এজনৰ মৃত্যু…

পাৰিবাৰিক কন্দলঃ শিমলুগুৰিৰ কোকছাবাৰীত বিহপান কৰি এজনৰ মৃত্যু…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত কোকছাবাৰীৰ তিনি সন্তানৰ এজন ব্যক্তিয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পাৰিবাৰিক কন্দলৰ বাবেই আত্মহত্যা কৰে কোকছাবাৰীৰ নিবাসী চন্দ্ৰ দাহাল(৫০)নামৰ ব্যক্তিগৰাকীয়ে ৷

প্ৰাপ্ত তথ্যমতে যোৱাকালি সন্ধিয়া চন্দ্ৰৰ নিজাগৃহত স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে ৷ কাজিয়াৰ এনে ৰুপ ধাৰণ কৰে যে অৱশেষত গাঁৱৰ একাংশ ৰাইজে তেওঁলোকৰ গৃহত উপস্থিত হৈ উক্ত কাজিয়া ভাঙিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছিল ৷

কিন্তু অতি পৰিতাপৰ বিষয় চন্দ্ৰই ৰাতি প্ৰায় ১ বজাত বিহপান কৰে ৷ পৰিয়ালৰ লোকে উক্ত ঘটনা ওচৰ চুবুৰীয়াক অৱগত কৰাত কেইজনমান ব্যক্তিয়ে ৰাতিয়েই চন্দ্ৰক চিকিৎসাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু চন্দ্ৰই চিকিৎসাধীন অৱস্থাত আজি পুৱা ৮ বজাত মৃত্যুক আকোঁৱালি লয় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in