ছবিগৃহত পুলিচগিৰি দেখুৱাব ৰণবীৰে! মুক্তি পালে ‘ছিমবা’ৰ ট্ৰেইলাৰ, চাওঁক VIDEO

ছবিগৃহত পুলিচগিৰি দেখুৱাব ৰণবীৰে! মুক্তি পালে ‘ছিমবা’ৰ ট্ৰেইলাৰ, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ বলিউডৰ 'এনাৰ্জেটিক' অভিনেতা তথা অভিনেত্ৰী দীপিকা পাডুকনৰ স্বামী ৰণবীৰ সিং বৰ্তমান ব্যস্ত তেওঁৰ নতুন ছবি 'ছিমবা'ৰ প্ৰচাৰত। ছবিখনত এজন দবং আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখা পোৱা যাব ৰণবীৰক। সোমবাৰে ছিমবা ছবিখনৰ এটা ট্ৰেইলাৰ মুক্তি দিয়া হয়। ৰণবীৰ সিঙে এই ছবিখনৰ বাবে ৰাখিছে মোচ। মোচত আঙুলিৰে পাক লগাই সিংহৰ দৰে গৰজি উঠা দেখা পোৱা গৈছে ৰণবীৰক।

ট্ৰেইলাৰটো চাই জানিব পাৰি যে, এই ছবিখনত দেখিবলৈ পোৱা যাব এক্সন, ৰোমান্স, ট্ৰেজেডীৰ মিশ্ৰণ। ট্ৰেইলাৰটোত ৰণবীৰে কোৱা কেইটামান ডায়লগেও খুবেই আকৰ্ষিত কৰিছে ৰণবীৰৰ অনুৰাগীক।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৮ ডিচেম্বৰত ছবিগৃহত মুক্তি পাবলগা 'ছিমবা'ই বস্ক অফিচ কালেকশ্যন যে ভালে পৰিমাণে কৰিব তাৰ উমান এই ট্ৰেইলৰটোৰ পৰাই পোৱা গৈছে। ছবিখনৰ ট্ৰেইলাৰ ৰিলায়েন্স ইন্টাৰটেইমেন্টে নিজৰ অফিচিয়েল ইউটিউব একাউণ্টত মুকলি কৰি দিছে দেশবাসীৰ বাবে।

সুখ্যাত পৰিচালক কৰণ যোহাৰৰ ধৰ্মা প্ৰডাকশ্যন আৰু ৰোহিত ছেত্তীৰ প্ৰডাকশ্যন হাউছে নিৰ্মাণ কৰিছে এই ছবিখন। ইফালে, ছবিখনত মুখ্য চৰিত্ৰত ৰণবীৰ সিঙে অভিনয় কৰাৰ উপৰিও খলনায়কৰ ৰূপত সোণু সুদকো দেখা পোৱা যাব। মুঠৰ ওপৰত এখন এক্সন, ৰোমান্স আৰু ট্ৰেজেডীৰ মিশ্ৰণ থকা ছবি চাবলৈ পোৱাৰ আশা কৰিছে সমগ্ৰ দেশৰ দৰ্শকে।

চাওঁক ছিমবাৰ ট্ৰেইলাৰ-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in