পাকিস্তানত বন্দী সীমান্তৰ পৰিয়ালে দেখিছে আশাৰ ৰেঙনি

পাকিস্তানত বন্দী সীমান্তৰ পৰিয়ালে দেখিছে আশাৰ ৰেঙনি

ডিজিটেল সংবাদ, গোলাঘাটঃ সোমবাৰে অসম বিধান সভাত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই পাকিস্তানী নৌ সেনাৰ হাতত বন্দী হৈ থকা অসম তথা ভাৰতৰ ২২জনকৈ লোকৰ বিষয়টো উত্থাপন কৰিছিল।

তাৰপাছতেই গোলাঘাট জিলাৰ মেৰাপানীৰ নৱগ্ৰাম নিবাসী সীমান্ত শইকীয়া নামৰ যুৱকজন অন্য ২১ জন ভাৰতীয় লোকৰ সৈতে যোৱা বছৰৰ ২৮ নৱেম্বৰৰ পৰাই পাকিস্তানী নৌ সেনাৰ হাতত বন্দী হৈ থকা সীমান্তৰ পৰিয়াল তথা অঞ্চলটোৰ ৰাইজে সীমান্ত ঘূৰি অহাৰ ক্ষেত্ৰত বহুখিনি আশাৰ ৰেঙনি দেখা পাইছে।

উল্লেখযোগ্য যে, সীমান্তই ভাৰতীয় মাছমৰীয়া সকলৰ সৈতে ভৰত-পাক সীমান্তত কতৰ্ব্যৰত সময়ত পাক নৌ সেনাৰ হাতত বন্দী হৈছিল। সীমান্ত এটি ৪ মহীয়া পুত্ৰ সন্তানৰ পিতৃ। বৰ্তমান সীমান্তৰ পৰিয়ালে দেখা পাইছে আশাৰ ৰেঙনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in