ৰঙতি-ৰাজগড়ত হাতে হাতে কোৰ লৈ পথ নিৰ্মাণত নামিল ৰাইজ…

ৰঙতি-ৰাজগড়ত হাতে হাতে কোৰ লৈ পথ নিৰ্মাণত নামিল ৰাইজ…

ডিজিটেল সংবাদ,শিমলুগুৰিঃ অসমৰ ৰাইজে আমূল পৰিৱৰ্তনৰ আশা কৰি বিজেপিক শাসনৰ বাঘজৰী প্ৰদাণ কৰিছিল যদিও বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত উন্নয়নৰ নামত ভেকোঁভাওনাৰ প্ৰতিচ্ছবিহে দেখা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি গ্ৰাম্যাঞ্চলৰ পথসমূহৰ অৱস্থা একেবাৰে শোচনীয়৷ এনেধৰণৰ প্ৰায়সমূহ পথ মেৰামতি কৰাত ব্যৰ্থ হৈছে চৰকাৰখন ৷

ফলশ্ৰুতিত ভিন্ন সময়ত সচেতন ৰাইজ, দল-সংগঠন তথা যুৱকে নিজা গাঁঠিৰ ধন খৰছ কৰি তথা নিজা শ্ৰম দানেৰে পথ নিৰ্মাণ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে লখিমপুৰ জিলাৰ শিমলুগুৰিৰ সমীপৱৰ্তী ৰঙতি গাঁও পঞ্চায়তৰ ১ নং নিমুৰীৰ পৰা পুনিপুখুৰী সংযোগী পথছোৱাই বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত ৰাইজক দূৰ্ভোগ ভূগাই আহিছে ৷

লকডাউনৰ মাজতে সামাজিক দূৰত্ব বজাই আজি ১ নং নিমুৰী গাঁৱৰ ৰাইজে চৰকাৰলৈ বাট নাচাই ৰাইজৰ শ্ৰমদানেৰে পথটি মেৰামতি কৰে ৷ প্ৰাপ্ত তথ্য মতে, স্থানীয় ৰাইজে হাতে হাতে কোৰ-বেলচা লৈ বিধ্বস্ত পথটোৰ খলা-বমাবোৰ সমান কৰি চাফ-চিকুণ কৰাৰ লগতে পথটোৰ ওপৰৰ প্ৰকাণ্ড গাঁত আৰু বোকাসমুহত নিজৰ গাঁঠিৰ ধন ভাঙি দুখন ট্ৰেক্টৰৰ জৰিয়তে প্ৰায় ৬ কিলোমিটাৰ নিলগৰ চেঁচা নদীৰ পৰা বালি কঢ়িয়াই সূচল কৰি তোলে ৷স্থানীয় ৰাইজে এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে ৷

উল্লেখ্য এজাক বৰষুণ দিলেই বোমাময় পৰিবেশ সৃষ্টি হোৱা পথছোৱা নিৰ্মাণ কৰিবৰ বাবে জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে বাৰম্বাৰ অনুৰোধ জনাই আহিছিল ৷ ইফালে ৰাজগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ লক্ষীপুৰ আৰু কচুৱা গাঁৱৰ জৰাজীৰ্ণ পথটোও এচ এম চি কোম্পানীৰ সহযোগত গাঁৱৰ যুৱকসকলে মেৰামতি কৰে ৷

বিধায়ক দেৱানন্দ হাজৰিকাই সম্প্ৰতি সমষ্টিটোত পথ নিৰ্মাণৰ নামত আধাৰশিলা স্থাপন কৰি আহিছে যদিও আজি পৰ্যন্ত এটা পথো নিৰ্মাণ নোহোৱাটো অতিকৈ আশ্বৰ্যকৰ বিষয় হিচাপে পৰিগণিত হৈছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in