অখিল গগৈৰ মুক্তিৰ দাবীত শিমলুগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ব্যতিক্ৰমী প্ৰতিবাদ…

অখিল গগৈৰ মুক্তিৰ দাবীত শিমলুগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ব্যতিক্ৰমী প্ৰতিবাদ…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ শিমলুগুৰিত বুধবাৰে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কা বাতিল আৰু বৃহৎ নদী বান্ধ বন্ধৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গাঁৱে গাঁৱে ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

প্ৰাপ্ত তথ্য মতে শিমলুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বহুপথাৰত বুধবাৰে যুৱ উন্নয়ন মঞ্চৰ শিমলুগুৰি আ়ঞ্চলিক সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বহুপথাৰ ৰাইজৰ সহযোগত প্ৰতিবাদীসকলে কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ বাবে চৰকাৰ সুমতি বিচাৰি মধ্যম বহুপথাৰ হৰিমন্দিৰ প্ৰাঙ্গণত এগছি বন্তি প্ৰজ্বলন কৰাৰ পিছত গাযন-বায়নসহ সকলো ৰাইজে হৰিমন্দিৰ প্ৰাঙ্গণৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷

শতাধিক পুৰুষ মহিলা, বৃদ্ধ-বৃদ্ধা, ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক ধ্বনিৰে উত্তাল পৰিবেশ সৃষ্টি কৰে ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ চৰকাৰে অখিল গগৈক বন্দী কৰি ৰাখিলেহে কা ৰূপায়ণ কৰাৰ লগতে বৃহৎ নদী বান্ধ নিৰ্মাণৰ দৰে জননীতি বিৰোধী কামবোৰ কৰিব পাৰিব।আগন্তুক দিনত অখিল গগৈক বিনা চৰ্তে মুক্তি নিদিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in