শিমলুগুৰিত শিক্ষক ছবিলাল উপাধ্যায়ৰ স্মৃতিত “ছবিস্মৃতি” উন্মোচন…

শিমলুগুৰিত শিক্ষক ছবিলাল উপাধ্যায়ৰ স্মৃতিত “ছবিস্মৃতি” উন্মোচন…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ শিমলুগুৰিত আজি এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায় ৷ বিশিষ্ট নাট্যকাৰ, প্ৰতিমা বৰুৱা পাণ্ডে বঁটাপ্ৰাপক বিনোদ খনালে এটি গুৰু বন্দনাৰে শুভাৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাখনি বিশ্বনাথ জিলা নেপালী সাহিত্য সভাৰ সভাপতি উদয় নাৰায়ণ গৌতমৰ সঞ্চালনাত অনুষ্ঠিত হয়৷

কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰয়াত শিক্ষক, কবি, লেখক ছবিলাল উপাধ্যায়ৰ শিমলুগুৰিস্থিত বাসগৃহত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত ধৰ্মেন্দ্ৰ উপাধ্যায়ৰ সম্পাদনাত প্ৰয়াত উপাধ্যায়ৰ পবিত্ৰ স্মৃতিত তেওঁৰ পৰিয়ালবৰ্গৰ দ্বাৰা প্ৰকাশিত 'ছবিস্মৃতি' নামৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড' জগন্নাথ উপাধ্যায়ে৷

গ্ৰন্থখনি উন্মোচন কৰি উপাধ্যায়ে কয় যে– উক্ত গ্ৰন্থখনিয়ে প্ৰয়াত লেখক, কবিগৰাকীৰ স্মৃতিৰাজি চিৰ যুগমীয়া কৰিব আৰু নৱপ্ৰজন্মই নিশ্চয় গ্ৰন্থখনিৰ পৰা উপকৃত হ'ব ৷ আনন্দৰাম আগৰৱালা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ চুৰামণি দাহালে সভাখনি শুভ উদ্ধোধন কৰি ভাষণত–প্ৰয়াত উপাধ্যায় বহু প্ৰতিভা সম্পন্ন ব্যক্তি ৷ এনেগৰাকী ব্যক্তিৰ ব্যক্তিত্ব, কৰ্মৰাজি কিতাপক যোগেদি ধৰি ৰখাটো অত্যন্ত প্ৰয়োজন বুলি উল্লেখ কৰে ৷ অসম নেপালী নাট্য সন্মিলনৰ সম্পাদক পূৰ্ণ কুমাৰ শৰ্মাই বন্তি প্ৰজ্বলন আৰু শিমলুগুৰি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ভৱেশ শৰ্মাই প্ৰয়াত কবি, লেখকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰা সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে হাৰমতি পিছলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্ৰনাথ বৰাই অংশগ্ৰহণ কৰি ভাষণত কয় যে–প্ৰয়াত শিক্ষক, কবি, লেখক ছবিলাল উপাধ্যায়ৰ কাব্যিক অনুভূতি সঁচাকৈ সুন্দৰ ৷

তেখেতৰ লিখনি পঢ়ি অনুপ্ৰাণিত হ'ব পাৰি ৷ লগতে তেওঁ কয়– পিতৃ-মাতৃ আমাৰ আদিগুৰু ৷ যি সন্তানে পিতৃ-মাতৃক সন্মান-শ্ৰদ্ধা কৰে সেই সন্তান সদায় সুখী হয় ৷ সভাখনিত আমন্ত্ৰিত অতিথি হিচাপে ক্ৰমে পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোহন গৌতম,বিশ্বনাথ জিলা কৃষি মহাবিদ্যালয়ৰ অধ্যাপক ভট্ৰ প্ৰসাদ গৌতম, শিক্ষক প্ৰবীন হাজৰিকাৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি প্ৰযাত উপাধ্যায়ৰ কৰ্মৰাজী আলোকপাত কৰাৰ লগতে পৰিয়ালবৰ্গৰ এনে কাৰ্যৰ শলাগ লয় ৷ প্ৰয়াত শিক্ষক, লেখক ছবিলাল উপাধ্যায়ৰ মাজু পত্ৰ তথা শিক্ষক বিষ্ণু উপাধ্যায়ে আদৰণি ভাষণ পাঠ কৰা সভাখনিত আইন বিভাগৰ ছাত্ৰী পূজা দেৱীয়ে এটি স্ব-ৰচিত কবিতা আবৃত্তি কৰি পৰিবেশটো অধিক জীপাল কৰি তোলে ৷

অনুষ্ঠানটিত প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যোৱাকালি প্ৰয়াত উপাধ্যায়ৰ গৃহতে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অনুষ্ঠিত হৈ যায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in