চিলাৰায় জাতীয় বিদ্যালয়ত শিল্পী দিৱস উদযাপন

চিলাৰায় জাতীয় বিদ্যালয়ত শিল্পী দিৱস উদযাপন

ডিজিটেল সংবাদ, বঙাইগাঁওঃ উত্তৰ শালমাৰাৰ চিলাৰায় জাতীয় বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয় ৷ ৰাতিপুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ চৰিফউদ্দিন আহমেদে ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছৱিত মাল্যৰ্পণ কৰে ৰেক্টৰ কেশৱ ৰায়ে ৷

জ্যোতিপ্ৰসাদৰ কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে সমাজকৰ্মী শশীভূষণ ফৌজদাৰ আৰু শৰ্মাৰাম দাসে ৷ শিল্পী দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ৷ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও শুক্লধ্বজ লোকবাদ্য দলৰ লগতে মিৰ্জানুৰ ৰহমান, ময়ুৰ কাশ্যপ আৰু বৰ্ণালী দাসে অংশ লয় ৷ অনুষ্ঠানতে চিলাৰায় জাতীয় বিদ্যালয়ৰ কেলেণ্ডাৰ উন্মোচন কৰে অসমীয়া প্ৰতিদিন কাকতৰ বঙাইগাঁও সংস্কৰণৰ ষ্টাফ ৰিপৰ্টাৰ ধৰম ৰঞ্জন ৰয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in