আজি শিল্পী দিৱস, ৰূপকোঁৱৰক সোঁৱৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী

আজি শিল্পী দিৱস, ৰূপকোঁৱৰক সোঁৱৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী

ডিজিটেল ডেস্কঃ আজি শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শিল্পী দিৱস । তেজপুৰৰ মহান শিল্পীজনক সোঁৱৰি আয়োজন কৰা হৈছে শিল্পী দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু দৰং জিলা প্ৰশাসনৰ সহযোগত মঙলদৈ জিলা পুথিভঁৰালত আয়োজন কৰা হৈছে শিল্পী দিৱস।

দিনৰ ৩.৩০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ইয়াৰোপৰি মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীও সন্মানীয় অতিথি ৰূপে উপস্থিত থাকিব।

এই অনুষ্ঠানতে চৰকাৰে ২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ সন্মানীয় শিল্পী বঁটা শ্ৰী যজ্ঞ বেজবৰুৱা আৰু প্ৰশান্ত কুমাৰ বৰদলৈক প্ৰদান কৰিব। ৰাজ্যৰ আন প্ৰান্তৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ কেন্দ্ৰীয়ভাৱে শিল্পী দিৱসটি আয়োজন কৰিছে লালুকত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in