শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

পৰ্ণগ্ৰাফি নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক

ডিজিটেল ডেস্কঃ বলিউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক সোমবাৰে নিশা আটক কৰিছে আৰক্ষীয়ে। ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুত্বৰ অভিযোগ। সোমবাৰে নিশা মুম্বাই আৰক্ষীয়ে অশ্লীল ছবি নিৰ্মাণ আৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৰাজ কুন্দ্ৰাক।

ক্লিক কৰি পঢ়কঃ নিউ মেক্সিকোত নগামূলৰ চিকিৎসকৰ নামত দিৱস উদযাপনঃ কোভিডৰ সংক্ৰমণ প্ৰতিহত কৰাত লৈছে বিশেষ ভূমিকা

মুম্বাই আৰক্ষীৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত মুম্বাইৰ অপৰাধ শাখাত পৰ্ণগ্ৰাফিক চলচিত্ৰ নিৰ্মাণ আৰু একাংশ মোবাইল এপৰ জৰিয়তে পৰচাৰ কৰাৰ বিষয়ে এক গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিতেই মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক ১৯ জুলাইৰ নিশা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মুম্বাই আৰক্ষীয়ে এই পৰ্ণগ্ৰাফি নিৰ্মাণ আৰু প্ৰচাৰৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বহুকেইটা প্ৰমাণ লাভ কৰিছে। গোটেই ঘটনাৰ পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়া মু্ম্বাই আৰক্ষীয়ে অব্যাহত ৰাখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি