ন্যায় বিচাৰি যমুনামুখত হাতত ম’ম লৈ মৌন সমদল দল-সংগঠনৰ

ন্যায় বিচাৰি যমুনামুখত হাতত ম’ম লৈ মৌন সমদল দল-সংগঠনৰ

ডিজিটেল সংবাদ, কামপুৰঃ হাতত ম'ম লৈ দোষীৰ উচিত শাস্তি বিচাৰি হোজাইৰ যমুনামুখত একাংশ ৰাইজ তথা দল-সংগঠনে বাহিৰ কৰে মৌন সমদল। যমুনামুখৰ মাজগাঁৱত শুকুৰবাৰে ঘৰৰ ভিতৰতে ৰহস্যজনক ভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ৷ মৃতদেহৰ কানত হেড ফোন, শৰীৰৰ বিভিন্ন ঠাইত আঘাত থকালৈ চাই এইয়া এক হত্যাকাণ্ড বুলি দাবী কৰিছিল যুৱতী গৰাকীৰ পৰিয়ালে৷

যমুনামুখ কলেজৰ স্নাতক চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী চুস্মিতা ঘোষক ভেলেন্টাইন ডে'ৰ নিশা ঘৰত কোনো নথকা অৱস্থাত কোনো দূৰ্বত্তই হত্যা কৰি ঘৰৰ ভিতৰৰ এডাল বাঁহত ওলমাই থয় বুলি অভিযোগ কৰিছিল পৰিয়ালৰ লোকে৷ পৰিয়ালৰ লোকে এই হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি যমুনামুখ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷

আৰক্ষীয়ে এজন যুৱকক সোধ পোছৰ বাবে আটক কৰিছে যদিও এই পৰ্যন্ত মূল হত্যাকাৰীক আটক কৰিব পৰা নাই৷ যাৰ বাবে দোষীক আটক কৰি উচিত শাস্তিৰ দাবীত এনেদৰে হাতত ম'ম লৈ মৌন সমদল বাহিৰ কৰি দোষীক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ বিভিন্ন দল-সংগঠনে প্ৰশাসনক দাবী জনায়৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in