শিলচৰত উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত টেট শিক্ষকৰ বিক্ষোভ…

শিলচৰত উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত টেট শিক্ষকৰ বিক্ষোভ…

ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্যৰ ৪১ হাজাৰ টেট শিক্ষকক ড্ৰাইভাৰৰ লগত তুলনা কৰাৰ প্ৰতিবাদত আজি অন্য প্ৰান্তৰ লগতে শিলচৰতো বিক্ষোভ প্ৰদৰ্শন কৰে টেট শিক্ষক সকলে ৷ শিলচৰ ক্লাৱৰোডৰ ক্ষুদিৰাম বসুৰ মুৰ্তিৰ পাদদেশত আয়োজন কৰা এই বিক্ষোভ কাৰ্য সুচীত কাছাৰ জিলাৰ প্ৰায় সহস্ৰাধিক শিক্ষকে অংশ গ্ৰহন কৰে ৷

"শিক্ষামন্ত্ৰী হায় হায়, শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য হুচিয়াৰ" আদি শ্লোগান দি পৰিস্হিতি উত্তাল কৰে শিক্ষক সকলে ৷ "ড্ৰাইভাৰ" শব্দ প্ৰত্যাহাৰ কৰিবলৈ শিক্ষক সকলে দহ দিনৰ সময় সীমা বান্ধি দিয়ে শিক্ষামন্ত্ৰীক ৷ ড্ৰাইভাৰ শব্দ প্ৰত্যাহাৰ নকৰিলে পুনৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী পালন কৰিব বুলি হুচিয়াৰি দিয়ে শিক্ষক সকলে ৷

তদুপৰি, ৪১ হাজাৰ ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মিত কৰাৰো দাবী উথ্থাপন কৰে শিক্ষক সকলে ৷ পিচত এক সমদল কৰি উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত পুনৰ বিক্ষোভ প্ৰদৰ্শন কৰে শিক্ষক সকলে ৷ বিক্ষোভৰ শেষত উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰীৰ উদ্দেশ্যে এক ষ্মাৰক প্ৰদান কৰে টেট শিক্ষক সকলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in