কাছাৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰসহ এজন মাৰ উগ্ৰপন্থী গ্ৰেপ্তাৰ

কাছাৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰসহ এজন মাৰ উগ্ৰপন্থী গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিলচৰঃ মাৰ উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে মঙলবাৰে বিশেষ সফলতা লাভ কৰিছে৷ লক্ষীপুৰৰ মহকুমা আৰক্ষী বিষয়া অনুৰাগ শৰ্মাৰ নেতৃত্বত আৰক্ষী আৰু অসম ৰাইফলছৰ ৩৭ নম্বৰ বেটেলিয়নৰ দল এটাই লক্ষীপুৰৰ বেঠালপুঞ্জীত যুটীয়া অভিযান চলাই এই সফলতা লাভ কৰে৷

অভিযান কালত বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰা হয়৷ লগতে এজন মাৰ পিপ'লছ কনভেনছন (HPC) ৰ লালবিয়া কুঙ নামৰ দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্মষ হৈছে৷

উগ্ৰপন্থী জনৰ পৰা এটা এ কে ৫৬ ৰাইফল, এটা এম কে ৩৩ ৰাইফলৰ লগতে ৭.৫৫ এমএমৰ ৫৩ টা আৰু ৫.৫৬ এম এমৰ ১০ টা সক্ৰীয় গুলী, চাৰিখন ডেগাৰসহ বহু আপত্তিজনক নথি জব্দ কৰিছে৷ সম্প্ৰতি জিৰিঘাট থানাত জেৰা কৰি থকা হৈছে মাৰ উগ্ৰপন্থী জনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in