কৰ্তব্যৰত অৱস্থাত নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা…

কৰ্তব্যৰত অৱস্থাত নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা…

ডিজিটেল সংবাদ, শিলচৰ: শিলচৰ সদৰ থানাত কৰ্মৰত এগৰাকী আৰক্ষীৰ সহঃপৰিদৰ্শকৰ গুলিবিদ্ধ মৃতদেহ থানাৰ ভিতৰতে উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিজৰ চকীত বহি থকা অৱস্থাত গুলিবিদ্ধ মৃতদেহ উদ্ধাৰ হয় ৷ মৃতদেহটো ASI গৌৰ বিধু সিংহ বুলি চিনাক্ত কৰা হৈছে ৷

এই শোকবহ ঘটনা সংঘটিত হৈছে সোমবাৰ আবেলি প্ৰায় তিনি বজাত ৷ আৰক্ষী বিষয়া জনে নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলি কৰি আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে ৷ অৱশ্য এতিয়ালৈ স্পষ্ট হোৱা নাই আৰক্ষী বিষয়া জনৰ মৃত্যৃ ৰহস্য ৷ থানাৰ ভিতৰত এগৰাকী সহকৰ্মীৰ এইদৰে চকুৰ আগত মৃত্যু হোৱাৰ পিচত হৈ চৈ আতংকৰ সৃষ্টি হয় অনান্য আৰক্ষী সকলৰ ৷

ইফালে, খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক ৰমন দীপ কৌৰ সহ অন্যান্য আৰক্ষী বিষয়া সকল ৷ কি কাৰনত আৰক্ষী বিষয়া জনে নিজৰ চাৰ্ভিছ পিষ্টলেৰে মুৰত গুলি কৰি আত্মহননৰ দৰে পথ বাচি ল'ব লগীয়া হল, তাৰ ৰহস্য এতিয়াও পোহৰলৈ অহা নাই ৷

এয়া আত্মহতা, নে হত্যা সেয়াও স্পষ্ট হোৱা নাই ৷ এই খবৰ পোৱাৰ পিচত থানাত উপস্থিত হয় মৃত আৰক্ষী বিষয়া জনৰ পত্নী আৰু পৰিয়ালৰ লোক সকল ৷ থানা আৰু থানা চৌহদত সৃষ্টি হয় এক শোকাকুল পৰিস্থিতিৰ ৷ পিছত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে SMCH লৈ প্ৰেৰন কৰা হয় ৷ আৰক্ষী বিষয়া জনৰ মৃত্যু সন্দৰ্ভত এতিয়ালৈ চৰকাৰী ভাবে কাছাৰ আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই ৷

জানিব পৰা মতে, মৃত গৌৰ বিধু সিংহৰ ঘৰ উদাৰবন্দৰ ময়নাৰবন্দত ৷ দীৰ্ঘ দিন ধৰি তেওঁ সততাৰে সেৱা আগবঢ়াই আছিল ৷ মৃত্যুৰ সময়ত তেওঁ দুটা পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তানক এৰি থৈ যায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in