ৰাজ্যৰ বিষ্ণুপ্ৰিয়া মনিপুৰী সকলক কেন্দ্ৰীয় অ বি চি আৰু খিলঞ্জীয়াৰ স্বীকৃতি দিয়াৰ দাবীত শিলচৰত অৱস্থান ধৰ্মঘট…

ৰাজ্যৰ বিষ্ণুপ্ৰিয়া মনিপুৰী  সকলক  কেন্দ্ৰীয় অ বি চি আৰু খিলঞ্জীয়াৰ স্বীকৃতি দিয়াৰ দাবীত  শিলচৰত অৱস্থান ধৰ্মঘট…

ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্যৰ বিষ্ণুপ্ৰিয়া মনিপুৰী সকলক কেন্দ্ৰীয় অ বি চিৰ অন্তৰ্ভুক্ত কৰা আৰু খিলঞ্জীয়া হিচাপে স্বীকৃতি দিয়াৰ দাবীত বৃহস্পতিবাৰৰ পৰা ৩০ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহন কৰে নিখিল বিষ্ণুপ্ৰিয়া মনিপুৰী মহাসভা কেন্দ্ৰীয় সমিতিয়ে ৷

শিলচৰত উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত গ্ৰহন কৰা এই ধৰ্মঘট কাৰ্য়সুচীত বৰাক উপত্যকাৰ তিনিওখন জিলাৰ তিনি শতাধিক লোকে অংশ গ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ ফেষ্টুন লৈ বিষ্ণুপ্ৰিয়া মনিপুৰী সকলক কেন্দ্ৰীয় অ বি চিৰ অন্তৰ্ভুক্ত কৰা আৰু অসমৰ ভূমিপুত্ৰৰ স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন কৰে ৷

দাবী আদায়ৰ উদ্দেশ্যে আন্দোলন কাৰী সকলে শ্লোগানও দিয়ে ৷ বিষ্ণুপ্ৰিয়া মনিপুৰী সকলে তেওঁলোকৰ দাবী আদায়ৰ বাবে চৰকাৰক বাৰাম্বাৰ ষ্মাৰক পত্ৰ দিয়াৰ পিচতো চৰকাৰে বিষয়টোত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে সংগঠনটোৰ সভাপতি অনিল সিনহা গৌতমে ৷ ত্ৰিশ ঘন্টীয়া এই ধৰ্মঘটৰ পিচতো চৰকাৰৰ গা নলৰিলে ভবিষ্যতে আৰু বৃহত্তৰ আন্দোলন গঢ়িব বুলি হুংকাৰ দিয়ে নেতা গৰাকীয়ে। অৱশ্যে ধৰ্মঘটস্থলীত শিলচৰৰ বিধায়ক দিলীপ পাল উপস্থিত হৈ বিষয়টো মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে আলোচনা কৰে ৷ মূখ্যমন্ত্ৰী বিষয়টো চেপ্তেম্বৰত আলোছনা কৰিব বুলি আশ্বাস দিয়াত আবেলি ৫ বজাত ধৰ্মঘট প্ৰত্যাহাৰ কৰা হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in