বিনা চিকিৎসাই মৃত্যু যুৱক, হাতত মমবাতি লৈ শিলচৰত বিশাল প্ৰতিবাদী সমদল

বিনা চিকিৎসাই মৃত্যু যুৱক,  হাতত মমবাতি লৈ শিলচৰত বিশাল প্ৰতিবাদী সমদল

ডিজিটেল সংবাদ, শিলচৰঃ যি সময়ত স্বাস্থ্যখণ্ডত বিশেষ উন্নতি হোৱা বাবে ৰাষ্ট্রীয় পৰ্যায়ত অসমে স্বীকৃতি লাভ কৰিছিল, ঠিক সেই সময়তে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপ উদঙাই দিলে শিলচৰৰ হাজাৰ হাজাৰ লোকে । ডেৰশ বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰি বা: বা: লোৱা শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কতৃপক্ষৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহিল শিলচৰৰ হাজাৰ হাজাৰ লোক ।

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাই শুকুৰবাৰে সন্ধিয়া শিলচৰৰ ৰাজপথত হাজাৰ হাজাৰ লোক প্ৰতিবাদত নামিল ৷ হাতত মমবাতি শিখা লৈ প্রতিবাদী সমদল উলিয়াইছে শিলচৰৰ হাজাৰ হাজাৰ লোকে । SMC হাস্পতালত বিনা চিকিৎসাই মৃত্যু বৰণ কৰা ২৫ বছৰীয়া স্বায়ন্তন চক্ৰৱৰ্তী নামৰ যুৱক জনৰ মৃত্যুৰ প্রতিবাদত শুকুৰবাৰে এক বিশাল প্রতিবাদী সমদল উলিয়ায় শিলচৰৰ কেবা হাজাৰ লোকে ।

যোৱা বিজয়া দশমীৰ দিনা হৃদৰোগত আক্ৰান্ত হোৱা স্বায়ন্তন চক্ৰৱৰ্তী নামৰ উচ্চ শিক্ষিত আৰু মেধা যুৱক জনক ভৰ্তি কৰা হৈছিল শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত । কিন্তু দক্ষিণ অসমৰ একমাত্র উন্নত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত কাৰ্ডিওলজি বিভাগত কোনো বিশেষজ্ঞ চিকিৎসক নথকাত স্বায়ন্তনক কোনো চিকিৎসা প্ৰদ্ন কৰিব পৰা নাছিল হাস্পতাল কতৃপক্ষই ৷ বিনা চিকিৎসাই স্বায়ন্তনক শ্বিলঙৰ নিগ্ৰিমছলৈ ৰেফাৰ কৰিছিল SMC হাস্পতাল কতৃপক্ষই ।

ইফালে, নিগ্ৰিমছলৈ নিয়াৰ পথতে মৃত্যু হয় স্বায়ন্তনৰ । ইয়াৰ পিচতে ৰাজ্যৰ বিয়াগোম স্হাস্হ্য বিভাগ আৰু SMC হাস্পতাল কতৃপক্ষৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰে শিলচৰবাসী । শেষত SMC হাস্পতালত উন্নত চিকিৎসা সেৱা প্রদানৰ দাবী আৰু স্বায়ন্তনৰ অকাল মৃত্যুৰ প্রতিবাদত শুকুৰবাৰে স্বাস্থ্য বিভাগ আৰু SMC হাস্পতাল কতৃপক্ষৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহে এই সকল প্রতিবাদী লোক ।

পুনৰ যাতে আন এজন স্বায়ন্তনক হেৰুৱাব নালাগে তাৰ বাবে শীঘ্রে SMC হাস্পতালত কাৰ্ডিওলজি,নিউৰ'লজি আৰু নেফ্রল'জি বিভাগ কেইটাত চিকিৎসক নিযুক্তিৰ দাবী জনাইছে প্রতিবাদী সকলে । তেওঁলোকে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে SMC হাস্পতাল কতৃপক্ষই সৌ সিদিনা ডেৰ শ বছৰীয়া বৰ্ষপূৰ্তি ধুম ধামেৰে পালন কৰিলে ৷ অথচ, চিকিৎসা মহাবিদ্যালয় হাস্পতাল খনত প্ৰয়োজনীয় সা-সুবিধা উপলদ্ধ নহয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in