শিলচৰত ৫০ লাখ টকাৰ বিদেশী টেবলেটসহ আটক ২ ড্ৰাগছ মাফিয়া

শিলচৰত ৫০ লাখ টকাৰ বিদেশী টেবলেটসহ আটক ২ ড্ৰাগছ মাফিয়া

ডিজিটেল সংবাদ, শিলচৰঃ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই শিলচৰ আৰক্ষীয়ে বুধবাৰে বুজণ পৰিমাণৰ বিদেশত প্ৰস্তুত কৰা নিচাজাতীয় টেবলেট জব্দ কৰে৷ ম্যানমাৰৰ পৰা মিজোৰাম হৈ বাংলাদেশলৈ নিয়াৰ কথা আছিল টেবলেটখিনি৷ মেহবুব আলম নামৰ ড্ৰাগছ ব্যৱসায়ী এজনে শিলচৰৰ মিঠু পালক টেবলেটখিনি বিক্ৰী কৰিবলৈ লওঁতেই আৰক্ষীয়ে হাতে লুটে জব্দ কৰে৷

ডিএছপি ঐশ্বৰ্য জীৱন বৰুৱাৰ নেতৃত্বত ৰাংগিৰিখাৰী আৰক্ষীয়ে সোণাই ৰোডৰ নাগাটিলাৰ পৰা জব্দ কৰে টেবলেটখিনি৷ জব্দ কৰা টেবলেটখিনিৰ পৰিমাণ ২৩ হাজাৰ ৮০০টা৷ ম্যানমাৰত প্ৰস্তুত কৰা ডব্লিউ ৱাই নামৰ টেবলেটখিনিৰ মূল্য প্ৰায় পয়ত্ৰিশ লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিলেও আন্তঃ ৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য এককোটি টকাতকৈ বেছি৷

আৰক্ষীয়ে টেবলেটৰ সৈতে মেহবুব আলম আৰু মিঠু পাল নামৰ ড্ৰাগছ ব্যৱসায়ী দুজনক আটক কৰিছে৷ বৰ্তমান দুয়োকে ৰাংগিৰখাৰী আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ এই ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চক্ৰ এটা জড়িত থকাৰ সন্দেহ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in