শেহতীয়া খবৰ
তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...  •  সোণৰ মাস্কৰ পাছত এইবাৰ বজাৰত হীৰাৰ মাস্কঃ দাম ৪লাখ টকা...  •  হৰ্ছ ট্ৰেডিঙেই কাল হ’ল ৰাজস্থানৰ দুই বিজেপি নেতাৰ  •  ১০০বছৰৰ ভিতৰত কোৰোনা হৈছে সবাতোকৈ ভয়ংকৰ স্বাস্থ্য আৰু আৰ্থিক সংকটঃ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ…  •  কোৰোনাতকৈ ভয়ংকৰ! প্ৰতিদিনে মৃত্যু হ'ব ১২হাজাৰ লোক, আহি আছে 'হাংগাৰ ভাইৰাছ'...  •  প্ৰসঙ্গঃ কাণপুৰ এনকাউন্টাৰ, পুনৰ দুজন আটক  •  কলাইগাঁৱৰ শিক্ষয়ত্ৰী হত্যাকাৰীক শাস্তিৰ দাৱী অসম সাহিত্য সভাৰ...  •  চৰাইদেউৰ চফ্ৰাইত মহিলাৰ মৃতদেহ উদ্ধাৰ  •  জম্মু কাশ্মীৰৰ কুপৱাৰাত দুই সন্ত্ৰাসবাদী নিধন

শিলচৰত কেবা লক্ষাধিক টকাৰ ম্যানমাৰৰ নিচা জাতীয় টেবলেট জব্দ…

68

ডিজিটেল সংবাদ, শিলচৰঃ গোপন তথ্যৰ ভিত্তিত বিএছএফ আৰু আৰক্ষীয়ে বৃহস্পতিবাৰে শিলচৰত বুজন পৰিমাণৰ নিচা জাতীয় টেৱলেট জব্দ কৰে ৷ মিজোৰামৰ পৰা শিলচৰলৈ অহা MZ01- 8519 নম্বৰৰ স্কৰপিঅ’ খন অনুসৰন কৰি বিএছএফ আৰু শিলচৰ আৰক্ষীৰ যুটীয়া দলটোৱে নিচাযুক্ত টেৱলেট খিনি জব্দ কৰে ৷

শিলচৰ চাৰ্ছ ৰোডত থকা এটি গীৰ্জাত প্ৰৱেশ কৰিবলৈ লওতেই অভিযান কাৰী দলটোৱে স্কৰপিও খন ৰখাই তালাচী চলায় ৷ তালাচীৰ সময়ত দলটোৱে স্কৰপিও খনত থকা এটি বেগৰ পৰা ১৯৮ পেকেট ম্যানমাৰত প্ৰস্তুত কৰা টেবলেট উদ্ধাৰ কৰে ৷ WY অৰ্থাত, ‘ৱৰ্ল্ড ইজ ইয়ৰ্ছ ‘ নামৰ টেৱলেটৰ পেকেট সমুহৰ পৰা মুঠ ৩৯,৬২১টা টেবলেট জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

মিজোৰামৰ পৰা শিলচৰলৈ অনা বুজণ পৰিমাণৰ এই টেৱলেট খিনিৰ মূল্য কেবা লাখ টকা হব বুলি বিএছএফৰ এক সুত্ৰই সদৰি কৰে ৷ টেৱলেট খিনিৰ সৈতে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰা হয় ৷ ধৃত লোক জনৰ নাম ৰাজেন প্ৰধান ৷ ৰাজেনৰ ঘৰ কাছাৰৰ হৰিনগৰত ৷ ধৃত লোক জনে ড্ৰাগছখিনি তেওঁ অনা বুলি দাবী কৰিছে ৷ সম্প্ৰতি শিলচৰ থানাত ড্ৰাগছ সৰবৰাহ কৰা লোক জনক জেৰা কৰি থকা হৈছে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি