শিলচৰত ৰহস্যজনক মৃত্যু ৩ সন্তানৰ মাতৃৰ, স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু …

শিলচৰত ৰহস্যজনক মৃত্যু ৩ সন্তানৰ মাতৃৰ,  স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু …

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ৰুমা শুক্লবৈদ্য নামৰ শৰৎপল্লী ফেক্টৰী ৰোডৰ এই মহিলা গৰাকীৰ মৃত্যুৰ বাবে পৰিয়ালৰ লোকে স্বামী দেবব্ৰত শুক্লবৈদ্যকে দায়ী কৰিছে ৷ তদুপৰি, ৰুমাৰ শৰীৰত কিছু আঘাতৰ চিন পোৱাত এই মৃত্যু ৰহস্যজনক বুলিও মন্তব্য কৰিছে স্বানীয় লোকে ৷

ঘটনা সন্দৰ্ভত মৃত ৰুমাৰ পৰিয়ালে ৰাংগিৰখাৰী আৰক্ষী চকীত স্বামী দেবব্ৰত শুক্লবৈদ্যক অভিযুক্ত কৰি এটি গোচৰ ৰুজু কৰিছে ৷ ঘটনাৰ বিৱৰণি মতে, কেবা দিন ধৰি ৰুমা শুক্লবৈদ্য জ্বৰত আক্ৰান্ত হৈ আছিল ৷ ঔষধ সেৱন কৰিও সুস্হ হোৱা নাছিল ৰুমা শুক্লবৈদ্য ৷ সোমবাৰে নিশা হঠাতে ৰুমা অসুস্হ হৈ পৰাত প্ৰথমে শিলচৰ চিভিল হস্পিতাল আৰু পিচত SMC হাস্পতাললৈ নিয়া হয় ৰুমা শুক্লবৈদ্যক ৷ কিন্তু চিকিৎসা লয় পোৱাৰ পিচত চিকিৎসকে ৰুমাক মৃত ঘোষনা কৰে ৷

মঙলবাৰে ৰুমাৰ মৃতদেহ ঘৰলৈ অনাৰ পিচত ৰুমাক শাৰীৰিক নিৰ্যাতন চলোৱাই হত্যা কৰা বুলি অভিযোগ কৰে ৰুমাৰ পৰিয়ালে ৷ আনহাতে, ৰুমাৰ পৰিয়ালৰ অভিযোগ অস্বীকাৰ কৰিছে পেছাত গাড়ীৰ চালক স্বামী দেবব্ৰত শুক্লবৈদ্যই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in