শেহতীয়া খবৰ
ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ

শিলচৰ এনআইটিত “অল ইণ্ডিয়া ইণ্টাৰ এনআইটি টেবুল টেনিছ আৰু যোগা টুৰ্ণামেন্ট ২০১৯”ৰ সামৰণি, ৰাইপুৰৰ ছাত্ৰ-ছাত্ৰীৰ সফলতা…

111

ডিজিটেল সংবাদ, শিলচৰঃ যোৱা ১১ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ শিলচৰ এনআইটিত অনুষ্ঠিত “অল ইণ্ডিয়া ইণ্টাৰ এনআইটি টেবুল টেনিছ আৰু যোগা টুৰ্ণামেন্ট ২০১৯”ৰ দেওবাৰে সামৰণি পৰে। শিলচৰসহ দেশৰ মুঠ ১৭ খন এনআইটিৰ ২১৫ গৰাকী খেলুৱৈয়ে এই টুৰ্ণামেন্টত অংশ গ্রহণ কৰে। শিলচৰ এনআইটিৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত সৰ্বভাৰতীয় পৰ্যায়ৰ এই টুৰ্নামেন্টত কুৰুক্ষেত্র, দুৰ্গাপুৰ, আগৰতলা, জয়পুৰ, ৰাইপুৰ, শিলচৰ, পাটনা, নাগালেণ্ডসহ মুঠ ১৭খন এনআইটিয়ে অংশ গ্রহণ কৰে।

দেওবাৰে শিলচৰ এনআইটিত আয়োজিত সামৰণি অনুষ্ঠানত বিজয়ী প্রতিযোগীসকলৰ হাতত ট্রফি আৰু মানপত্র প্রদান কৰা হয়। টেবুল টেনিছ আৰু যোগা দুয়োটা টুৰ্ণামেন্টতে ৰাইপুৰ এনআইটিৰ ছাত্র আৰু ছাত্রীৰ দল দুটা বিজয়ী হয়। বিজয়ী দলৰ লগতে অনান্য খেলুৱৈ সকলৰ হাতত ট্রফি প্রদান কৰে ক্রমে কাছাৰৰ উপায়ুক্ত লায়া মাদ্দুৰী, প্রাক্তন এছিয়াড জয়দীপ দাস, বক্সাৰ ভাগ্যৱতী কছাৰী, শিলচৰ এনআইটিৰ সঞ্চালক শিবাজী বেনাৰ্জীসহ বিশিষ্ট অতিথি সকলে। অনুষ্ঠানত ভগৱান মেধীৰ বিহু সুৰীয়া বাঁহী বাদনত সকলো আপ্লুত হৈ পৰে।

ইফালে, বিজয়ী খেলুৱৈ সকলক অভিনন্দন জনোৱাৰ লগতে পৰাজিত খেলুৱৈ সকলক উৎসাহিত কৰি উপায়ুক্ত লায়া মাদ্দুৰীয়ে কয় যে, শিলচৰ এনআইটিত এনেধৰণৰ ৰাষ্ট্রীয় পৰ্যায়ৰ অনুষ্ঠানৰ জৰিয়তে এনআইটিখনে এদিন ৰাষ্ট্রীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি