শিলচৰত দুবছৰীয়া সন্তানক বুকুত লৈ নদীত জাঁপ মহিলাৰ…

শিলচৰত দুবছৰীয়া সন্তানক বুকুত লৈ নদীত জাঁপ মহিলাৰ…

ডিজিটেল ডেস্কঃ শিলচৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। ২বছৰীয়া সন্তান বুকুত লৈ নদীত জাঁপ দিলে এগৰাকী মহিলাই। মহিলাগৰাকীৰ নাম চুমাৰাণী নমশ্ৰুদ্ৰ। সুৰজিত নমশ্ৰুদ্ৰৰ পত্নী চুমাৰাণীয়ে অন্নপুন্না ঘাট নামৰ অঞ্চলত বুধবাৰৰ নিশা ৯বজাত এইদৰে নদীত জাপঁ মাৰি আত্মহনন কৰে। মহিলাগৰাকীয়ে এই কাণ্ড সংঘটিত কৰাৰ সময়ত প্ৰত্যক্ষদৰ্শীয়ে তেওঁ খোজ কাঢ়ি সেই অঞ্চললৈ অহাৰ কথা প্ৰত্যক্ষ কৰিছিল।

এতিয়ালৈকে তেওঁ আৰু কণমাণিটোৰ নশ্বৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মহিলাগৰাকীৰ ঘৰ ইটাখোলাত। তাৰাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত মহিলাগৰাকীয়ে কি কাৰণত আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। মহিলাগৰাকী আৰু ২বছৰীয়া সন্তানৰ সন্ধানত এছ ডি আৰ এফে যোৱা বুধবাৰৰ পৰাই অভিযান অব্যাহত ৰাখিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in