শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…

শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…

ডিজিটেল সংবাদ,শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে সোমবাৰে ম্যানমাৰত প্ৰস্তুত কৰা ৯৬০০ টা WY টেবলেট জব্দ কৰে ৷ শিলচৰ থানাধীন বাদ্ৰীপাৰ পঞ্চম খণ্ডৰ আব্দুল নাছিৰৰ ঘৰৰ পৰা জব্দ কৰে টেবলেটখিনি৷ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীৰ দলটোৱে টেবলেট খিনি জব্দ কৰে যদিও ড্ৰাগছ ব্যৱসায়ী আব্দুল নাছিৰক ঘৰত পোৱা নগল ৷

আব্দুলক নাপালেও ড্ৰাগছ কাৰবাৰত জড়িত থকা আব্দুলৰ পত্নী মজিদা বেগমক আটক কৰে আৰক্ষীয়ে ৷ জব্দ কৰা টেবলেট খিনিৰ মূল্য কেইবা লাখ টকা হব বুলি আৰক্ষীয়ে সদৰী কৰে ৷ দীৰ্ঘ দিন ধৰি মজিদা আৰু আব্দুলে ঘৰতে ড্ৰাগছ কাৰবাৰ চলাই আহিছল বুলিও সদৰী কৰে আৰক্ষীয়ে৷ সম্প্ৰতি শিলচৰ থানাত জেৰা অব্যাহত ৰখা হৈছে ধৃত মজিদা বেগমক ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in