ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত সৰৱ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, শ শ চিকিৎসকে উলিয়ালে প্ৰতিবাদী সমদল

ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত সৰৱ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, শ শ চিকিৎসকে উলিয়ালে প্ৰতিবাদী সমদল

ডিজিটেল সংবাদ, শিলচৰঃ যোৰহাটৰ টিয়ক চাহ বাগিছাৰ চিকিৎসক ডাঃ দেবেন দত্তক একাংশ পাষণ্ডই নিৰ্মম ভাবে হত্যা কৰাৰ প্রতিবাদত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰী সকলো সৰৱ হৈ পৰিছে। এছ এম চি হ্স্পতালৰ কনিষ্ঠ চিকিৎসক সন্থা, স্নাতকোত্তৰ শিক্ষক সন্থা সহ অনান্য চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰী সকলে ডাঃ দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত মঙলবাৰে এক প্রতিবাদী সমদল উলিয়াই৷

এছ এম চি হাস্পতালৰ অ'পিডিৰ সন্মুখৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত অংশ লোৱা প্ৰতিবাদী সকলে হাতত বেনাৰ-ফেষ্টুন লৈ টিয়ক চাহ বাগিছাত কৰ্মৰত চিকিৎসক ডাঃ দেবেন দত্তক নিৰ্মম ভাবে হত্যা কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰে৷

আমাক ন্যায় লাগে, চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাকাৰীক শাস্তি দিয়ক আদি শ্লোগান দিয়ে প্ৰতিবাদী চিকিৎসক সকলে।

এছ এম চি হাস্পতালৰ মূল প্ৰৱেশ পথত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ চিকিৎসকসকলে ডাঃ দত্তৰ হত্যাকাৰী সকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনায়৷ তদুপৰি, ভবিষ্যতে যাতে কৰ্মৰত কোনো চিকিৎসকে ডাঃ দত্তৰ দৰে প্ৰাণ দিব লগা নহয় তাৰ নিশ্চিতি প্ৰদান কৰিবলৈও দাবী জনায় চিকিৎসক সকলে৷

ৰাজ্যত কৰ্মৰত চিকিৎসক সকলক নিৰাপত্তা প্ৰদানৰো দাবী জনাই প্ৰতিবাদকাৰীসকলে৷ শেষত, নিহত চিকিৎসক ডাঃ দেবেন দত্তৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰা হয়। ইফালে প্ৰতিবাদৰ সমান্তৰালকৈ কৰ্মবিৰতিও পালন কৰে চিকিৎসকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in