স্বাধীনতা দিৱসৰ আনন্দ উপভোগৰ বাৰ্তা দিবলৈ শিলচৰত কাছাৰ আৰক্ষীৰ বৃহৎ সমদল…

স্বাধীনতা দিৱসৰ আনন্দ উপভোগৰ বাৰ্তা দিবলৈ শিলচৰত কাছাৰ আৰক্ষীৰ বৃহৎ সমদল…

ডিজিটেল সংবাদ, শিলচৰঃ স্বাধীনতা দিৱসৰ আনন্দ উপভোগ কৰাৰ উদ্দেশ্যে কাছাৰ আৰক্ষীয়ে মঙলবাৰে শিলচৰত এক সমদল উলিয়ায়৷ ৭৩ তম স্বাধীনতা দিৱসৰ দিনা যাতে সকলো শ্ৰেণীৰ লোক নিঃসংকোচে আৰু নিৰ্ভয়ে এই দিৱসটি উপভোগ কৰিব পাৰে, আৰু সজাগতা বৃদ্ধিৰ বাবেই মুলত সমদলটো উলিওৱা হয় বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক মূগ্ধ জ্যোতি মহন্তই৷

কাছাৰ আৰক্ষী আৰু ষষ্ঠ অসম আৰক্ষী বেটেলিয়নৰ পাঁচ শতাধিক আৰক্ষী বিষয়া আৰু জোৱানে অংশ গ্ৰহণ কৰা সমদলটোৰ ফ্লেগঅফ কৰে আৰক্ষী অধীক্ষক মূগ্ধ জ্যোতি মহন্তই আৰু ষষ্ঠ অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক আৰ ৰাজা মাৰথনন্দনে৷

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা যাত্ৰা আৰম্ভ কৰা এই সমদলটোত ষষ্ঠ অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক আৰ ৰাজা মাৰথনন্দনসহ কেইবাগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে৷ সমদলটোৱে চেন্ট্ৰেল ৰোড, হাস্পতাল ৰোড হৈ ৰাংগিৰখাৰি পইন্টত সমাপ্তি ঘটায় ৷ ইফালে, স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱে উপভোগ কৰাৰ বাবে একাংশ ছাত্ৰী আৰু কেইবাটাও মহিলা সংগঠনেও শিলচৰত এটি সমদল বাহিৰ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in