শিলচৰ ডিটেনছন কেম্পত বন্দী হৈ থকা ৭ বাংলাদেশীক অচিৰেই স্ব-দেশলৈ প্ৰত্যাৱৰ্তন…

শিলচৰ ডিটেনছন কেম্পত বন্দী হৈ থকা ৭ বাংলাদেশীক অচিৰেই স্ব-দেশলৈ প্ৰত্যাৱৰ্তন…

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ ডিটেনছন কেম্পত বন্দী হৈ থকা সাত গৰাকী বাংলাদেশী নাগৰিকক অচিৰেই স্ব দেশলৈ প্রত্যাৱৰ্তন কৰা হ'ব। ইতিমধ্যে, এই সাত গৰাকী বাংলাদেশী নাগৰিকৰ প্রয়োজনীয় ঠিকনা নিশ্চিত কৰা হৈছে। বাংলাদেশৰ পৰা সেউজ সংকেত পালেই দুই এদিনৰ ভিতৰত বাংলাদেশী বন্দী কেইজনক স্ব গৃহলৈ প্রেৰণ কৰা হ'ব। এই কথা সদৰী কৰিছে গুৱাহাটীস্হিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ডঃ শ্বাহ মহম্মদ তনভীৰ মঞ্চুৰে। শিলচৰ ডিটেনছন কেম্পত দীৰ্ঘদিন ধৰি বন্দী হৈ থকা ২০ গৰাকী বাংলাদেশী নাগৰিকক সাক্ষাৎ কৰি সহকাৰী উচ্চায়ুক্ত ডঃ শ্বাহ মহম্মদ তনভীৰ মঞ্চুৰে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাংবাদিকৰ আগত এই কথা সদৰী কৰে।

বুধবাৰে আবেলি শিলচৰ কেন্দ্রীয় কাৰাগাৰত থকা ডিটেনছন কেম্পত বন্দী বাংলাদেশী সকলক সাক্ষাৎ কৰি তেওঁলোকৰ নাম আৰু প্রকৃত ঠিকনা সংগ্রহ কৰে সহকাৰী আয়ুক্ত ডঃ তনভীৰ মঞ্চুৰে। বন্দী ২০ গৰাকী বাংলাদেশীৰ ভিতৰত সাত গৰাকীৰ নাম ঠিকনা বাংলাদেশৰ বুলি নিশ্চিত হোৱাত তেওঁলোকক শীঘ্ৰেই বাংলাদেশে চমজি ল'ব বুলি জানিবলৈ দিয়ে সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে। বাকী কেইজন বাংলাদেশীৰো ঠিকনা পৰীক্ষা কৰি থকা হৈছে বুলি সদৰী কৰে বিষয়া জনে।

ইফালে, শিলচৰ-ছিলেট বাছসেৱা আৰম্ভ কৰিবলৈ ভাৰত আৰু বাংলাদেশে সকলো ব্যৱস্হা হাতত লৈছে বুলিও সাংবাদিকক অৱগত কৰে সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে। অৱশ্যে, এই ক্ষেত্রত পৰ্যাপ্ত যাত্রীৰ ওপৰত নিৰ্ভৰ কৰিব শিলচৰ-ছিলেট বাছসেৱা। আনহাতে, দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰ বাবে যথেষ্ট পদক্ষেপ লোৱাৰ উপৰি এই ক্ষেত্রত বহু খিনি আগবঢ়া বুলিও মন্তব্য কৰে সহকাৰী উচ্চায়ুক্ত ডঃ তনভীৰ মঞ্চুৰে।

আনহাতে, এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকক লৈ বাংলাদেশত কিবা প্রভাৱ পৰিছে নেকি আৰু বাংলাদেশৰ পৰা অসমলৈ আজিও অনুপ্রৱেশ ঘটিছে নেকি বুলি সাংবাদিকে সোধা প্রশ্ন সন্দৰ্ভত সহকাৰী উচ্চায়ুক্ত গৰাকীয়ে বিষয়টো তেওঁৰ এক্তিয়াৰভুক্ত নহয় বুলি মন্তব্য কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in