কাছাৰত পুনৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন…

কাছাৰত পুনৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন…

ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে সম্প্রতি কাছাৰ জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগে মহামাৰীৰ ৰূপ ধাৰন কৰিছে । বিগত ৬ মাহত জিলাখনত দুজন লোকৰ মৃত্যু হোৱাৰ পিচত সম্প্রতি পুনৰ আন এজন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈছে ।এইবাৰ ৰামলাল ৰবিদাস নামৰ এজন লোক জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত হৈছে ।

বৰখলা সমষ্টিৰ নাৰায়ণচৰা আৰিকল গাৱঁৰ ৰামলাল ৰবিদাসৰ তেজত জাপানীজ এনকেফেলাইটিছৰ বীজাণু ধৰা পৰাৰ পিচত সম্প্রতি SMC হাস্পতালত চিকিৎসাধীন হৈ আছে । কেবাদিন ধৰি জ্বৰ হৈ থকাত ৰামলালক দেওবাৰে বৰখলা স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হৈছিল । তেজ পৰীক্ষা কৰাত তেওঁৰ শৰীৰত জাপানিজ এনকেফেলাইটিছৰ বীজাণু ধৰা পৰে ।

পিচত সিদিনাই তেওঁক SMC হাস্পতালয়লৈ প্রেৰণ কৰা হয় । ইফালে, ৰামলালৰ শৰীৰত জাপানীজ এনকেফেলাইটিছৰ বীজাণু ধৰা পৰাত আতংকিত হৈ পৰিছে বৰখলাবাসী । বৰ্তমান বৰখলা সমষ্টিত অসংখ্য লোক জ্বৰত আক্রান্ত যদিও তেজ পৰীক্ষা নকৰা বাবে এই লোক সকল কি ৰোগত আক্রান্ত সেয়া এতিয়াও স্পষ্ট নহয় । ৰামলালৰ দৰে যাতে কোনো লোক পুনৰ জাপানীজ এনকেফেলাইটিছ আক্রান্ত নহয় তাৰ বাবে বিহীত ব্যৱস্থা লবলৈ স্বাস্থ্য বিভাগক দাবী জনাইছে বৰখলা বাসীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in