শিলচৰত দ্বিতীয় দিনাও অব্যাহত বিসৰ্জন প্ৰক্ৰিয়া… VIDEO

শিলচৰত দ্বিতীয় দিনাও অব্যাহত বিসৰ্জন প্ৰক্ৰিয়া… VIDEO

ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্যৰ অন্য প্ৰান্তত বিজয়া দশমীৰ দিনাই দুৰ্গা পুজাৰ প্ৰতিমা বিসৰ্জন সম্পন্ন হৈছে যদিও শিলচৰত বুধবাৰে দ্বিতীয় দিনাও অব্যাহত আছে প্ৰতিমা বিসৰ্জনৰ প্ৰক্ৰিয়া ৷ মংগলবাৰে ১৩৯ খন পূজাৰ প্ৰতিমা বিসৰ্জন সম্পন্ন হোৱাৰ পাছত বুধবাৰে পুনৰ ৫২ খন পূজা মণ্ডপৰ মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন কৰা হৈছে৷

শিলচৰ সদৰঘাটস্থিত বিসৰ্জনস্থলীত বুধবাৰে সন্ধিয়াৰ পৰা এই বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হয়৷ প্ৰতিমা সমূহ যথেষ্ট পলমকৈ বিসৰ্জন ঘাটত উপস্হিত হোৱাত বিসৰ্জন প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি জানিব পৰা গৈছে।

ইফালে, প্ৰতিমা বিসৰ্জন দিবলৈ অহা হাজাৰ হাজাৰ ভক্তৰ ভিৰে নিৰাপত্তা বাহিনীকো ঢোকে ঢোকে পানী খুৱাইছে৷ অৱশ্যে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, শিলচৰ পৌৰ সভা, জিলা প্ৰশাসন, আভ্যন্তৰীণ জল পৰিৱহন আদি আটাইকেইটা বিভাগে যথেষ্ট পৰিশ্ৰম কৰি বিসৰ্জনৰ কাম নিখুত ভাবে কৰিবলৈ সক্ষম হৈছে ৷ এছ ডি আৰ এফ আৰু এন ডি আৰ এফকো সস্তম কৰি ৰখা হৈছে বিসৰ্জনস্থলীসমূহত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in