আপোন লোকৰেই দানৱীয় অত্যাচাৰৰ বলি এটি শিশু, ৰাইজে উদ্ধাৰ কৰি চমজালে আৰক্ষীক…

আপোন লোকৰেই দানৱীয় অত্যাচাৰৰ বলি এটি শিশু, ৰাইজে উদ্ধাৰ কৰি চমজালে আৰক্ষীক…

ডিজিটেল সংবাদ, চিলাপথাৰঃ জীৱশ্ৰেষ্ঠ মানুহ কিমান অত্যাচাৰী হ'ব পাৰে সেয়া নিজ চকুৰে নেদেখিলে সহজে বোধগম্য নহ'ব। দেখিলে বহু পাষাণ হৃদয়ৰ লোকৰ দুচকু সেমেকি উঠিব। ঘটনাটো চিলাপথাৰ চিলাগাঁৱৰ। গাঁওখনৰ কিৰণ গোৱালাই এটা বছৰৰ আগতে মাজবাটত থকা দৰিদ্ৰ ভাতৃৰ কণ্যা স্বৰসতী খেৰুৱাক(৭) ভৰণ পোষন দিয়াৰ কথা দি ঘৰলৈ লৈ আহে। পিছে পঢ়াশুনা আৰু পোহপালৰ প্ৰতিশ্ৰুতি আনি কিছু দিনৰ পৰা ব্যৱহাৰ কৰিলে বন কৰা শিশু ৰূপে।

সৰু সৰু কথাতে সৰস্বতীৰ ওপৰত আৰম্ভ হ'ল বৰদেউতাক, বৰমাকৰ লগতে তেওঁলোকৰ পুত্ৰ কৃষ্ণ গোৱালাৰ নিৰ্মম অত্যাচাৰ। শিশুটিক বনকৰা ছোৱালীৰ দৰে বিভিন্ন গধূৰ গৃহ কাৰ্য কৰোৱাৰ লগতে সামান্য অজুহাত পালেই শিশুটিৰ ওপৰত চলায় মাধমাৰ। শিশুটিৰ ভৰি, ডিঙি, মুখ মণ্ডল, পিঠি, বাউসী সকলোতে অত্যাচাৰৰ দাগ স্পষ্ট হৈ আছে।

ইমানতে ক্ষান্ত নাথাকি অলপতে অবোধ শিশুটিৰ দুহাতত গৰম আঙঠা লগাই পুৰি গুৰুতভাৱে আহত কৰে। সোমবাৰে শিশুটিৰ বুকুত জোঙা বাহৰ খুটিৰে খুচি হানি ৰক্তক্ষণ কৰোৱাৰ দৰে চৰম নিৰ্যাতনৰ সাক্ষী হৈ প্ৰতিবেশী। দীৰ্ঘদিনে শিশুটিৰ ওপৰত চলাই অহা এই পাশবিক নিৰ্যাতন প্ৰতিবেশী ৰাইজে নিৰবে চাই আহিছিল।

অবশেষত নিৰীহ শিশুটিৰ ওপৰত গোৱালা পৰিয়ালৰ এই নিৰ্মম অত্যাচাৰ চাই বাৰুকৈয়ে অতীষ্ঠ হৈ পৰে গাওঁবাসী। স্থানীয় ৰাইজে মঙলবাৰে চিলাপথাৰ আৰক্ষী থানাত সমস্ত ঘটনাটোৰ ওপৰত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে এক এজাহাৰ প্ৰদান কৰে। ৰাইজে অত্যাচাৰীৰ কবলৰ পৰা মুৰ্মূষু অৱস্থাত উদ্ধাৰ কৰি শিশুটিক চিলাপথাৰ মডেল চিকিৎসালয়লৈ নি চিকিৎসা কৰায়।

মঙলবাৰে চিলাপথাৰ থানাৰ আৰক্ষীয়ে শিশুটিক উদ্ধাৰৰ লগতে অত্যাচাৰী বৰদেউতা-বৰমাকক থানালৈ লৈ যায়। ইফালে, বিপদৰ উমান পাই আৰক্ষীৰ উপস্থিতিৰ পূৰ্বেই পলায়ন কৰে কৃষ্ণ গোৱালাই। শিশুটিক সুৰক্ষিত স্থানত সংস্থাপন কৰাৰ লগতে অত্যাচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in