১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ গাঁৱত ভয়ংকৰ দূৰ্ঘটনা…

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ গাঁৱত ভয়ংকৰ দূৰ্ঘটনা…

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় চিচি বৰগাঁওত আজি দুপৰীয়া ১:৩০ বজাত সংঘটিত হ'ল এক ভয়াবহ দূৰ্ঘটনা৷ এখন গ্লেমাৰ বাইকেৰে লখিমপুৰ পহুমৰালৈ গৈ আছিল মৃদুল চেতিয়াই (৪০) পূত্ৰ ৰোহীত চেতিয়াৰ(১০)৷

উক্ত সময়তে চিচি বৰগাঁওত এখন বিপৰীতমুখী বলে'ৰ বাহনৰ সৈতে সংঘটিত হ'ল প্ৰচণ্ড জোৰেৰে সংঘৰ্ষ ৷ ভয়ংকৰ ঘটনাটোত বাইকাৰ মৃদুলৰ সোঁ ভৰিখন উৰুতে টুকুৰা হৈ পথত পৰি যায় ৷ শিশু পূত্ৰ ৰোহীতৰো এখন ভৰি ভাঙি টুকুৰা হয়৷ গোগামুখৰ পৰা তীব্ৰ বেগেৰে অহা বলে'ৰখনে পথৰ কাষত থকা এটা বিদ্যুতৰ খুটা চুৰমাৰ কৰে ৷

গোখামুখৰ বাসিন্দা বলে'ৰৰ আৰোহী শিৱ দাস (২০),চালক ৰাজেশ মহাতো (২৩) আৰু মদন দাসো কিছু আহত হয়৷ সংকটজনক অৱস্থাত আহত পিতা পুত্ৰক এ এম চিলৈ প্ৰেৰণ কৰে ৷ ভোগালী বিহুকলৈ সকলো ব্যস্ত থকাৰ সময়তে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in