এন আৰ চিয়ে ধ্বংস কৰিব অসমীয়া জাতিক, দাবী শিলাদিত্যৰ

এন আৰ চিয়ে ধ্বংস কৰিব অসমীয়া জাতিক, দাবী শিলাদিত্যৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ  এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ একাধিক মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে বিষয়টোক লৈ দেওবাৰে পুনৰ আন এক মন্তব্য কৰে।

হোজাইৰ বিধায়কজনে আইন-আদালত সকলোকে অৱমাননা কৰি কয় যে এন আৰ চিৰ পৰা অসমৰ একো লাভ নহয় বৰং ক্ষতিহে কৰিব। 'মই এতিয়াই কৈ থৈছো, আপোনালোকে মনত ৰাখি থব। এন আৰ চিৰ পৰা অসমৰ একো লাভ নহয়। এন আৰ চিয়ে ক্ষতিহে কৰিছে। এন আৰ চিৰ বাবেই ৰাজ্যৰ উন্নয়নমূলক কাম-কাজসমূহো বন্ধ হৈ পৰিছে।'- এন আৰ চিৰ নামত ১২০০ কোটি টকা পানীত পৰিছে বুলি উল্লেখ কৰি এইদৰে কয় বহুবল্কী বিধায়কজনে।

এন আৰ চিয়ে বাংলাদেশী মুছলমানসকলক ভাৰতীয় হোৱাৰ সুযোগ দিছে বুলিও অভিযোগ কৰে বিধায়কজনে। 'এন আৰ চিয়ে অসমীয়া জাতিক একো সুৰক্ষা নিদিয়ে। জাতিটোক ধ্বংসহে কৰিব। এই এন আৰ চিয়ে বাংলাদেশী মূলৰ মুছলমান লোকসকলক ভাৰতীয় বুলি ছীল-মোহৰ মাৰিহে দিছে।'-এন আৰ চি ৰূপায়ণৰ নামত বহু লাখ টকাৰ দুৰ্নীতি হৈছে বুলি দাবী কৰি শিলাদিত্যই কয়।

ইফালে ন্যায়ালয়ে শেহতীয়া শুনানিত গ্ৰহণ কৰা সিদ্ধান্তক লৈয়ো মন্তব্য কৰে শিলাদিত্যই। নাম অন্তৰ্ভুক্ত হোৱাসকলৰ ১০ শতাংশৰ পুনৰীক্ষণ কৰবিলৈ ন্যায়ালয়ে লোৱা সিদ্ধান্তক আদৰণি জনায় নাম বাদ পৰাসকলৰ ক্ষেত্ৰতো পুনৰীক্ষণৰ ব্যৱস্থা কৰা উচিত বুলি মন্তব্য কৰে শিলাদিত্যই।

নথি পুনৰীক্ষণৰ বাবে নিৰপেক্ষ পৰ্যবেক্ষণ কমিটি গঠন কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ আৰু কয়, 'ধুবুৰী, বৰপেটা, কাছাৰ, কৰিমগঞ্জ আৰু গোৱালপাৰাত বহু বাংলাদেশী মুছলমানৰ নাম সোমাইছে। এইবোৰ পৰ্যবেক্ষণ কৰি বাদ দিব লাগিব। তেতিয়াহে জাতি থাকিব, নহ'লে জাতি ধ্বংস হ'ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in