সন্দেহযুক্ত বাংলাদেশী মুছলমানৰ প্ৰৰোচনাত ভৰা শিঙৰীৰ ঘটনা সংঘটিত হৈছেঃ বিধায়ক শিলাদিত্য…

সন্দেহযুক্ত বাংলাদেশী মুছলমানৰ প্ৰৰোচনাত ভৰা শিঙৰীৰ ঘটনা সংঘটিত হৈছেঃ  বিধায়ক শিলাদিত্য…

ডিজিটেল সংবাদ, ঢেকীয়াজুলি: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ ভৰা শিঙৰীত হিন্দু সংগঠনৰ সদস্যৰ ওপৰত একাংশ দূৰ্বৃত্তই চলোৱা আক্ৰমণৰ ঘটনাৰ পিছত ইয়াত শাসকীয় দলৰ একাধিক নেতা, সাংসদ, বিধায়কে পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও স্থানীয় লোক সকলক অভয়দান কৰাৰ চেষ্টা কৰাৰ লগতে সন্দেহযুক্ত লোকৰ প্ৰৰোচনাত এই ঘটনা সংগটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৷

শনিবাৰে দুপৰীয়া হোজাইৰ বিধায়ক শিলাদিত্য দেৱ ভৰা শিঙৰীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে হৰ-গৌৰী দেৱালয় দৰ্শন কৰি সন্দেহযুক্ত বাংলাদেশী মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰে ৷ স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বু আৰু ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলৰ সৈতে হৰ-গৌৰী দেৱালয়ত প্ৰৱেশ কৰি চাকি বন্তি জ্বলাই পূজা-অৰ্চনা কৰে ৷

মন্দিৰৰ পৰা ওলাই আহি তিনিওগৰাকী বিধায়ক আৰু বিজেপিৰ নেতা-কৰ্মী সকলে জয়শ্ৰী ৰাম ধ্বনি দিয়ে ৷ ইয়াৰ পিছত বিধায়ক শিলাদিত্য দেৱে সাংবাদিকৰ আগত কয়, সন্দেহযুক্ত বাংলাদেশী মুছলমান লোকৰ প্ৰৰোচনাত ভৰা শিঙৰীত বজৰং দলৰ সদস্যৰ ওপৰত আক্ৰমণৰ ঘটনা সংগটিত হৈছে ৷ তেওঁ কয়, নামনি অসমৰ পিছত মধ্য অসম সনাতন হিন্দু মানুহৰ হাতৰ পৰা গুচি গৈছে ৷ বিধায়ক শিলাদিত্য দেৱে কয়, ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন হোৱা দিনা তেওঁলোকে জ্বলাব লাগিছিল চাকি কিন্তু জ্বলাইছে মটৰ চাইকেল ৷

পাচঁশ বছৰ আগত ভাৰতবৰ্ষত কেৱল হিন্দু মানুহে বসবাস কৰিছিল ৷ পিছত ইয়াৰ এচাম লোক মুছলমান তথা ইছলাম ধৰ্মলৈ পৰিৱৰ্তন হয় ৷ তেওঁ কয়, যি সময়ত ৰাম চন্দ্ৰৰ জন্ম হৈছিল আৰু সমাজত ৰামচন্দ্ৰৰ প্ৰভাৱ আৰম্ভ হৈছিল সেই সময়ত ভাৰতবৰ্ষত কোনো বেলেগ ধৰ্মই নাছিল ৷ এই কথা ৰামায়ণে প্ৰমাণিত কৰে ৷ ৰামায়ণত আন কোনো ধৰ্মৰ লোকৰ কথা উল্লেখ নাই ৷ ভাৰতবৰ্ষত কোনোবাই বেলেগ ধৰ্ম গ্ৰহন কৰিছে তেওঁলোক ধৰ্মান্তকৰণ হোৱা৷

ধৰ্মান্তকৰণ হোৱা সকলে পিছফালে অলপ চাব লাগে ৷ কিয়নো ৫০০বছৰ পূৰ্বে তেওঁলোকৰ পূৰ্বজ সকল ৰাম ভক্ত আছিল ৷ যিহেতু তেওঁলোক এসময়ত ৰাম ভক্ত আছিল গতিকে এতিয়া ৰাম মন্দিৰ নিৰ্মানৰ সময়ত তেওলোকে একো নকৰিলেও এগছি চাকি জ্বলাব লাগিছিল ৷ কিন্তু সেয়া নকৰি তেওঁলোকে মটৰ চাইকেলহে জ্বলাইছে ৷এয়া দূৰ্ভাগ্যজনক বিষয়ে ৷

মই ভাবো প্ৰকৃত ভাৰতীয় মুছলমানে এই কাম কৰিব নোৱাৰে বুলি বিধায়ক শিলাদিত্য দেৱে মন্তব্য কৰে ৷ ভৰা শিঙৰীৰ ঘটনাত জড়িত সকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ বিধায়ক শিলাদিত্য দেৱে দাবী জনায় ৷ হৰ-গৌৰী দেৱালয়ৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰক সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দাবী জনায় ৷ বিধায়ক শিলাদিত্য দেৱে আৰু কয়, অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সঠিকমতে হোৱা নাই ৷ নাগৰিক পঞ্জীত একাংশ সন্দেহযুক্ত বাংলাদেশী মুছলমান লোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ পাইছে ৷

কিন্তু আধাৰ কাৰ্ডৰ জৰিয়তে তেওঁলোকক চিনাক্ত কৰিব পৰা যাব ৷ অসমত আধাৰ কাৰ্ডৰ কাম ক্ষীপ্ৰ গতিত হ'ব লাগে আৰু ভোটাৰ তালিকা, বেংক একাউন্ট আদিত আধাৰ লিংক কৰিব লাগে বুলি বিধায়ক শিলাদিত্য দেৱে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ বিধায়ক গণেশ কুমাৰ লিম্বুয়ে সাংবাদিকৰ আগত কয়, ভৰা শিঙৰীত হিন্দু সংগঠনৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাত সন্দেহযুক্ত লোক সকল জড়িত থকাৰ তথ্য পোৱা গৈছে ৷

এই ঘটনাত জড়িত সকলক আৰক্ষী প্ৰশাসনে দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰিব ৷ ভৰা শিঙৰীত অবৈধভাৱে বসবাস কৰা লোক সকলক অতি শীঘ্ৰে উচ্চেদৰ ব্যৱস্থা লোৱা হ'ব বুলি বিধায়ক লিম্বুয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ ইপিনে আজি আবেলি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰৰ বিধায়ক উৎপল বৰা ভৰা শিঙৰীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ ভৰা শিঙৰী আৰু গৰুডুৱাৰ পৰিস্থিতি স্বাভাৱিক হৈ আহিছে ৷ সান্ধ্য আইনৰ বাবে এই অঞ্চলৰ দোকান-পোহৰ আদি বন্ধ থাকে ৷ জিলা প্ৰশাসনে শান্তি সভা অনুষ্ঠিত কৰাৰ ব্যৱস্থা হাতত লৈছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in