টোলগেটত এইবাৰ ‘দাদা’ৰ ৰূপত বিধায়ক শিলাদিত্যঃ কালেকশ্যন চেম্বাৰৰ সংগৃহীত ধন কাঢ়ি লৈ মুখলৈ দিলে দলিয়াই…VIDEO

টোলগেটত এইবাৰ ‘দাদা’ৰ ৰূপত বিধায়ক শিলাদিত্যঃ কালেকশ্যন চেম্বাৰৰ সংগৃহীত ধন কাঢ়ি লৈ মুখলৈ দিলে দলিয়াই…VIDEO

ডিজিটেল সংবাদ, ডবকাঃ বিজনীৰ পৰা হোজাইলৈ এতিয়া অজস্ৰ টোলগেটত দৈনিক সংগৃহীত হয় লাখ লাখ টকা। পথ বনাই নহওঁতেই মধ্যভোগীৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ লগতে কমিছন ভোগ কৰাৰ অসাধু পৰিকল্পনা মতেই গণপ্ৰতিবাদক কেৰেপ নকৰি স্থাপন কৰা হৈছিল এইবোৰ টোলগেট।

আনকি ঘাইপথ অথৰিটিয়ে নিজেই নগৰৰ পৰা নূন্যতম ২০কিঃমিঃ দূৰত আৰু প্ৰতি ৭০কিঃমিঃ মূৰতহে টোলগেট স্থাপন কৰাৰ নীতি-নিৰ্দেশনা ঘোষণা কৰিছিল যদিও এতিয়া গুৱাহাটীৰ পৰা ওলালেই ১৫কিঃমিঃ দূৰৰ মহানগৰীৰ এলেকাত নাজিৰাখাটত আছে এটা টোলগেট। যত, সৰু এখন বাহনেও দিব লাগে ১০০টকা।

ইয়াৰ পৰৱৰ্তী গেট আছে ৰহাত। অথচ মাজৰ পথচোৱাৰ নিৰ্মাণকাৰ্য বহুঠাইত সম্পূৰ্ণ হোৱাই নাই। অনুৰূপ এইখন টোলগেটতো সমপৰিমাণৰ ধন আদায় দিব লাগে যদিও নগাঁও বাইপাছেৰে ২২কিঃমিঃ গলেই আৰম্ভ হয় ভঙা-চিঙা দুৰ্গম পথৰ যন্ত্ৰণাদায়ক যাত্ৰা।

ইফালে ৰহা টোলগেট পাৰ হৈ ১৬কিঃমিঃ যোৱাৰ পাছত পাথৰি গোলচকৰৰ পৰা থাকি যোৱা ৩৬ নং ঘাইপথৰে আগবাঢ়িলে ডবকাত আছে আন এখন টোলগেট। এইখনতো আদায় দিব লগা হয় একেই পৰিমাণৰ ধন। অথাত বিজনীৰ পৰা বাইহাটা চাৰিআলি হৈ নগাঁৱলৈ যাব লগা হলে এখন সৰু চাৰিচকীয়া বাহনে ৪০০টকা টোলগেটত দিব লগা হয়। অথচ ইয়াৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ স্বত্তেও চৰকাৰে ইয়াৰ প্ৰতি কোনোদিন গুৰুত্ব দিয়া নাই।পথৰো জৰাজীৰ্ণ অৱস্থা। স্বয়ং মুখ্যমন্ত্ৰীয়ে পথৰ নিৰ্মাণ সম্পূৰ্ণ হলেহে টোলগেটৰ ধন সংগ্ৰহ আৰম্ভ হব বুলি ঘোষণা কৰিছিল যদিও, মুখ্যমন্ত্ৰীৰ সেই ঘোষণাক অসাৰ প্ৰতিপন্ন কৰি দৈনিক সংগ্ৰহ কৰা হৈছে কোটিৰ ঘৰত টকা।

পৰিয়ালকক লৈ সৰু গাড়ীত যোৱা সাধাৰণ লোকে ইয়াৰ প্ৰতিবাদ কৰিলে গেটৰ কৰ্মচাৰীসকলৰ ভয়-ভাবুকি আনকি আক্ৰমণৰো সন্মুখীন হব লগা হয় যাত্ৰী। পিছে শেহতীয়াকৈ টোলগেটৰ দাদাগিৰিৰ পৰিৱৰ্তে জবকাৰ টোলগেটত দিছপুৰীয়া দাদাই চলালে তাণ্ডৱ।

হোজাই জিলাৰ ডবকাৰ টোলগেটতত হোজাইৰ বিধায়ক শিলাদিত্যদেৱে উদ্ভাণ্ডলি কৰা এটি ভিডিঅ ক্লিপ ইতিমধ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

বাতৰি অনুসৰি ডবকাৰ টোলগেটত হোজাইৰ বিধায়ক শিলাদিত্য দেৱে উদ্ভাণ্ডলি কৰাৰ ভিডিঅ এটি আজি জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক'ত ভাইৰেল হৈ পৰিছে ৷ বিধায়ক শিলাদিত্য দেৱে ডবকাৰ টোলগেটত লোমাই কৰ্মচাৰীৰ লগত অভাব্য আচৰন কৰাৰ লগতে টোলগেটৰ কৰ্মচাৰী বহি টোলটেক্স সংগ্ৰহ কৰা গৃহত পৰিবেশ কৰি তাত থকা লেপটপ আৰু আৰু কা পইচা দলিয়াই দিয়া সমগ্ৰ দৃশ্য টোলগেটৰ চি চি টিভি কেমেৰাত বন্দী হৈছে ৷

এই চি,চি টি,ভি বন্দী হোৱা দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ অৱশ্যে এই ঘটনা কেতিয়া সংগঠিত হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ আনাহাতে বিধায়ক গৰাকীৰ কৰ্মকাণ্ডৰ ভিডিঅ চচিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতেই সমগ্ৰ হোজাই জিলাখনতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ উপসভাপতি মনোৱাৰ হুছেইনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিধায়কৰ এনে গুণ্ডামী কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে কয় যে যদি বিধায়ক গৰাকীক যদি টোলগেট কৰ্তৃপক্ষই বেয়া ব্যৱহাৰ কৰিছে তেনেহলে তেওঁ নিশ্চয় আইনৰ ওচৰ চাপিব পাৰিলেহেতেন ৷ কিন্তু তাৰ পৰিবৰ্তে তেওঁ আইন হাতত তুলি লোৱাটো কিমান গ্ৰহনযোগ্য ৷ সমগ্ৰ বিষয়টোৰ উপৰত উচিত তদন্ত সাপেক্ষে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰক দাবী জনায় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in