বুধবাৰৰ পৰা ছিকিম বিধানসভাৰ অধিৱেশন, প্ৰতিটো পৰিয়ালক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত

বুধবাৰৰ পৰা ছিকিম বিধানসভাৰ অধিৱেশন, প্ৰতিটো পৰিয়ালক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত
  • বুধবাৰৰ পৰা ছিকিম বিধানসভাৰ দুদিনীয়া বিশেষ শীতকালীন অধিৱেশন।
  • বিশেষ বাজেট নিৰ্ধাৰণ কৰা হ'ব এই অধিৱেশনত।
  • বিগত দুটা মাহত মুখ্যমন্ত্ৰী পৱন চামলিঙৰ ঘোষণাসমূহ কাৰ্যকৰী কৰাৰ বাবে এই বাজেট নিৰ্ধাৰণ কৰা হব।
  • 'এটা পৰিয়াল এটা চাকৰি' আঁচনিৰ জৰিয়তে ২০১৯ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ছিকিমৰ জনসাধাৰণক চাকৰি দিব চৰকাৰে।
  • যিসমূহ পৰিয়ালৰ চৰকাৰী চাকৰি নাই, সেই পৰিয়ালসমূহৰ এজন সদস্যক চৰকাৰী চাকৰি দিব চৰকাৰে।
  • ২০ হাজাৰ পদত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে ছিকিম চৰকাৰে।
  • এই অধিৱেশনে উত্থাপন কৰা হ'ব লোকায়ুক্তৰ এখন সংশোধনী বিধেয়কো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in