বহুত হ’ল নিৰ্বাচনী প্ৰচাৰ! বিৰতি নল’লে চিৰদিনলৈ কণ্ঠ হেৰুৱাব লাগিব পঞ্জাৱৰ মন্ত্ৰী সিদ্ধুৱে

বহুত হ’ল নিৰ্বাচনী প্ৰচাৰ! বিৰতি নল’লে চিৰদিনলৈ কণ্ঠ হেৰুৱাব লাগিব পঞ্জাৱৰ মন্ত্ৰী সিদ্ধুৱে

ডিজিটেল ডেস্কঃ নিজৰ কথন শৈলী আৰু উপস্থাপনৰ ভংগীমাৰে বিৰোধীক ধৰাশায়ী কৰিবলৈ সক্ষম হোৱা পঞ্জাৱ মন্ত্ৰী তথা কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধুৰ স্বাস্থ্য এতিয়া সুস্থ নহয়৷ যাৰ বাবে চিকিৎসকে সিদ্ধুক কিছুদিন আৰামৰ পৰামৰ্শ প্ৰদান কৰিছে৷ তিনি দিন বা ততোধিক দিন বিশ্ৰাম নল'লে পঞ্জাৱ মন্ত্ৰীগৰাকীয়ে কথা কোৱাৰ শক্তি হেৰুৱাৱ বুলিও সতৰ্ক কৰি দিছে চিকিৎসকে৷

কিছুদিন ধৰি নৱজোৎ সিং সিদ্ধুয়ে টিভি, কাকতত বিশেষ চৰ্চা লাভ কৰি অহা পৰিলক্ষিত হৈছে৷ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ শপত গ্ৰহণ সমাৰোহত উপস্থিত থকাক লৈ চৰ্চিত হোৱাৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙক কটাক্ষ কৰি কৰা মন্তব্যক লৈ তেওঁ নিজৰ সহযোগী সকলৰ দ্বাৰা সমালোচিত হৈছিল৷

উল্লেখ্য যে, পাকিস্তানৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ পিছতে যেতিয়া সাংবাদিকে সিদ্ধুক প্ৰশ্ন কৰিছিল যে কেপ্টেইন (কেপ্টেইন অমৰিন্দৰ সিং)-এ পাকিস্তানৰ নিমন্ত্ৰণ খাৰিজ কৰাৰ পিছতো তেওঁ কিয় কেপ্টেইনৰ কথা নামানি পাকিস্তানৰ সমাৰোহত অংশ ল'লে? তেতিয়া সিদ্ধুৱে কটাক্ষ কৰি কয় যে তেওঁ কেৱল ৰাহুল গান্ধীক হে কেপ্টেইন বুলি গণ্য কৰে৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেৱল আৰ্মীৰহে কেপ্টেইন আছিল, তেওঁৰ নহয়৷

ইয়াৰ পিছতে সিদ্ধুৰ সহযোগী মন্ত্ৰীসকলে তেওঁৰ পদত্যাগৰ দাবী উত্থাপন কৰে৷ মুখ্যমন্ত্ৰীক যদি কেপ্টেইন বুলি স্বীকাৰ কৰিব নোৱাৰে তেন্তে তেওঁ কেপ্টেইন অমৰিন্দৰ সিঙৰ মন্ত্ৰীসভাত থকাৰ কোনো প্ৰয়োজন নাই বুলিও সমালোচনা কৰা হয় মন্ত্ৰীগৰাকীক৷

আনহাতে, ৰাজস্থানৰ বিধানসভা নিৰ্বাচন আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছৰ হৈ নৱজোৎ সিং সিদ্ধুৱে এইকেইদিন ৰাজস্থানৰ বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ফুৰিছে৷ বিৰামহীনভাৱে এনেদৰে নিৰ্বাচনী সভাত অংশ লৈ ফুৰাত সিদ্ধুৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা বুলি চিকিৎসকে মন্তব্য কৰিছে৷ যদি এনেদৰে বিৰামহীনভাৱে নিৰ্বাচনী সভাত অংশ লৈ থাকে, তেন্তে সিদ্ধুৱে গোটেই জীৱনৰ বাবে নিজৰ কণ্ঠ হেৰুৱাব লগিব বুলিও আশংকা প্ৰকাশ কৰিছে চিকিৎসকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in