শেহতীয়া খবৰ
টুটু আমাৰ বৰ মৰমৰ আছিল...  •  টুটু আমাৰ বৰ মৰমৰ আছিল...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে…

1,319

ডিজিটেল ডেস্কঃ বলিউডৰ অভিনেতা সিদ্ধাৰ্থ মলহোট্ৰাৰ নতুন ছবি ‘মৰজাৱা’ই দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ফিল্ম সমীক্ষক তৰণ আদৰ্শৰ মতে, ছবিগৃহত মুক্তি লাভ কৰাৰ পঞ্চম দিনা এই ছবিখনে ৩.৬১ কোটি টকা উপাৰ্জন কৰে। আৰু এই ৫ দিনত ছবিখনৰ মুঠ উপাৰ্জন ৩২.১৮ কোটি টকা।

উল্লেখ্য যে, সিদ্ধাৰ্থৰ ইয়াৰে পূৰ্বৰ ছবি ক্ৰমে ‘জবৰিয়া যোৰী’ আৰু ‘আয়াৰী’ দুখন ছবিৰ মুঠ উপাৰ্জনতকৈও অধিক ‘মৰজাৱা’ৰ ৫দিনৰ উপাৰ্জন। জবৰিয়া যোৰীয়ে বক্স অফিচত প্ৰায় ১৫.৯৯ কোটি টকা আৰু আয়াৰীয়ে ১৭.৫২ কোটি টকা মুঠ উপাৰ্জ কৰিছিল।

১৫ নবেম্বৰত মুক্তি লাভ কৰা মৰজাৱা ছবিখনে শুকুৰবাৰে ৭.০৩ কোটি, শনিবাৰে ৭.২১ কোটি, দেওবাৰে ১০.১৮ কোটি আৰু সোমবাৰে ৪.১৫ কোটি টকা উপাৰ্জন কৰে। আৰু আশা কৰা হৈছে যে এই সপ্তাহৰ শেষৰ ভাগলৈ ছবিখনে ৩৫ৰ পৰা ৪০ কোটি টকা উপাৰ্জন কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি