সিদ্ধু আউট! মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

সিদ্ধু আউট! মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ
  • পঞ্জাৱ মন্ত্ৰী নৱজোৎ সিং সিদ্ধুৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে।
  • ১০ জুনতে তেতিয়াৰ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীলৈ সিদ্ধুৱে প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ।
  • মন্ত্ৰিত্বৰ লৈ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ বিৰুদ্ধে অসন্তুষ্ট আছিল নৱজোৎ সিং সিদ্ধু।
  • তেওঁক পৰ্যটন বিভাগৰ পৰা আঁতৰাই অন্য এটা বিভাগৰ দায়িত্ব প্ৰদান কৰাক লৈ হৈ পৰিছিল ক্ষুব্ধ।
  • যাৰ পৰিপ্ৰেক্ষিতত নতুন দায়িত্বভাৰ অৰ্পণ কৰাৰ পিছতো কাৰ্যভাৰ গ্ৰহণ কৰা নাছিল সিদ্ধুৱে।
  • ইফালে যোৱা ১৪ জুলাইত তেওঁ টুইটযোগে ৰাজহুৱা কৰে পদত্যাগ পত্ৰ।
  • কিন্তু সিদ্ধুৰ পদত্যাগ পত্ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে লাভ নকৰা বুলি স্পষ্ট কৰিছিল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।
  • শেহতীয়াকৈ বিতৰ্কিত সিদ্ধুৱে মন্ত্ৰী পদ এৰি প্ৰদান কৰা পদত্যাগ পত্ৰ স্বীকাৰ কৰা হৈছে।
  • মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে পদত্যাগ পত্ৰখন প্ৰেৰণ কৰিছে ৰাজ্যপাললৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in