আজি ইমৰান খানে ল’ব শপত, পাকিস্তান পালেগৈ সিদ্ধু…

আজি ইমৰান খানে ল’ব শপত, পাকিস্তান পালেগৈ সিদ্ধু…

ডিজিটেল ডেস্কঃ আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ৰূপে শপত ল'ব ইমৰান খানে। ক্ৰিকেটৰ খেলপথাৰৰ পাছত ইমৰান খানে ৰাজনীতিৰ খেলপথাৰত আৰম্ভ কৰিব নতুন ইনিংছ। পাকিস্তানৰ তেহৰিক-ঈ-ইনছাফৰ মুৰব্বীজনে পুৱাৰ ভাগতে শপতগ্ৰহণ কৰিব।

ইমৰান খানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ভাৰতৰ তিনিগৰাকী বিশেষ ব্যক্তিয়ে আমন্ত্রণ লাভ কৰিছিল। তাৰ ভিতৰত আছিল- ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ, নবজোৎ সিং সিদ্ধু আৰু কপিল দেৱ।

গাভাস্কাৰ আৰু কপিলে এই আমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলে যদিও কালিয়েই গৈ লাহোৰত উপস্থিত হৈছে নবজোৎ সিং সিদ্ধু। আশা কৰা হৈছে ভাৰতৰ সৈতে সুসম্পৰ্ক থকা ইমৰান খানে দেশখনৰ প্রধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত দুয়োখন দেশৰ মাজৰ কুটনৈতিক সম্পৰ্ক কিছু উন্নত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in