দুবাহুৰ মাজত পাক সেনা প্ৰধানক লৈ বিপদত সিদ্ধু

দুবাহুৰ মাজত পাক সেনা প্ৰধানক লৈ বিপদত সিদ্ধু

ডিজিটেল ডেস্কঃ ইমৰান খানৰ শপত গ্ৰহণ লৈ তিনিজনকৈ ক্ৰিকেটাৰক নিমন্ত্ৰণ জনোৱা হৈছিল। তাৰ ভিতৰত নবজ্যোৎ সিং সিদ্ধুৱে সেই নিমন্ত্ৰণ স্বীকাৰ কৰি পাকিস্তানৰ মাটিত ভৰি দিছিল যদিও এই অনুষ্ঠানলৈ যোৱা নাছিল কপিল দেৱ আৰু সুনীল গাভাস্কাৰ।

শপতগ্ৰহণস্থলীত পাক সেনা মূৰব্বীয়ে আলিংগন কৰি স্বাগতম জনাইছিল সিদ্ধুক। সিদ্ধুৱেও দুবাহু মেলি পাক সেনা মুৰব্বীগৰাকীৰ উষ্ম আদৰণি স্বীকাৰ কৰি প্ৰতিআলিংগন কৰিছিল। জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘন তথা ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষক পাক সেনাৰ মূৰব্বীগৰাকীক দুবাহুৰ মাজত আকোৱালি লোৱা কাৰ্যক সহজভাৱে লোৱা নাই বহুতে।

বিজেপিয়ে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক সমালোচনাৰে থকাসৰকা কৰাৰ পাছত এইবাৰ বিষয়টো গৈ পাছেগৈ আদালত।  সুধুৰ ওজা নামৰ এগৰাকী অধিবক্তাই সিদ্ধুৰ বিৰুদ্ধে মুজাফাপুৰ আদালতত গোচৰ তৰিছিল।

চি জি এম কোৰ্টত তৰা এই গোচৰত অধিবক্তাগৰাকীয়ে অভিযোগ তুলিছে যে, শত্ৰুৰ ৰাষ্ট্ৰখনৰ সেনা প্ৰধানক আলিংগন কৰি নিজ ৰাষ্ট্ৰৰ সেনাৰ মনোবল ভাঙি পেলাইছে পঞ্জাৱৰ মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। আদালতে এই গোচৰৰ আৱেদন স্বীকাৰ কৰি পৰৱৰ্তী শুনানিৰ দিন এসপ্তাহৰ পাছত ধাৰ্য্য কৰিছে। সিদ্ধুৰ এনে কাৰ্যই এতিয়া বিপদত পেলাইছে পঞ্জাৱৰ বিজেপি নেতৃত্বাধীন কংগ্ৰেছ আৰু আকালি দলৰ চৰকাৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in