শেহতীয়া খবৰ
গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, "বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে"-জিলা পৰিবহন বিষয়া সীতাৰাম দলে  •  ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...

ৰাহুল গান্ধী এটা টোপ, মই এ কে-৪৭ঃ নৱজোৎ সিং সিদ্ধু

340

ডিজিটেল ডেস্কঃ কিছুদিন ধৰি মৌনব্ৰত ধাৰণ কৰাৰ অন্তত পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে পঞ্জাৱৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধু। বৃহস্পতিবাৰে এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ সিদ্ধুৱে কয়, ‘২০১৪ চনত প্ৰধানমন্ত্ৰী মোডী ‘গংগা পুত্ৰ’ হৈ আহিছিল। কিন্তু এইবাৰ নিৰ্বাচনৰ পিছত তেওঁ ‘ৰাফেল চুক্তিৰ এজেন্ট’ হিচাপেহে উভতিব।’

সিদ্ধুৱে কয়, ‘ৰাফেল চুক্তিত প্ৰধানমন্ত্ৰীয়ে দালালী কৰিছে নে নাই মই সেয়া প্ৰধানমন্ত্ৰীগৰাকীক সুধিব বিচাৰো। তেওঁ মোৰ সৈতে দেশৰ যিকোনো প্ৰান্ততে যুক্তি-তৰ্কত বহিব পাৰে। মই সাজু আছো।’ আনহাতে ৰাহুল গান্ধী সন্দৰ্ভত মন্তব্য কৰি সিদ্ধুৱে কয়, ‘ৰাহুল গান্ধী এক বিশাল চিন্তা। তেওঁ এটা টোপৰ সমান। মই তেওঁৰ তুলনাত এটা এ কে-৪৭ হে।’

সিদ্ধুৱে প্ৰধানমন্ত্ৰী মোডীক প্ৰত্যাহ্বান জনায় কয়, ‘মই তেওঁৰ ‘নিজেও নাখাও, খাবলৈও নিদিও’ বুলি বাৰে বাৰে কৰা সেই মন্তব্যৰ প্ৰত্যাহ্বান জনাইছো। তেওঁৰ সৈতে যদি মই পৰাজিত হও, তেন্তে চিৰদিনৰ বাবে ৰাজনীতি ত্যাগ কৰিম। এদিন গংগা পুত্ৰৰ দৰে অহা প্ৰধানমন্ত্ৰী এতিয়া ২০১৯ৰ নিৰ্বাচনৰ পিছত ‘ৰাফেল চুক্তিৰ এজেন্ট’ হৈ পৰিছে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি